আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত অপমানসূচক মন্তব্য গৰ্গ চেটাৰ্জীৰ

88

শীঘ্ৰেই অসম চৰকাৰে বঙালী বুদ্ধিজীবি জনক গেপ্তাৰ কৰি দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰকঃ ৰাজীব দাসঃ

ষ্টাফৰিপৰ্টাৰ, ২০ জুন :
শেহতীয়াভাবে পশ্চিমবংগৰ বঙালী বুদ্ধিজীবি গৰ্গ চেটাৰ্জী নামৰ ব্যক্তি গৰাকীয়ে ছ’চিয়েল মিডিয়া ফেচবুকত স্বৰ্গদেউ চাওলুং চ্যুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাত জাঙুৰ খাই উঠিছে সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মজয়ন্তী উদযাপন সমিতিয়ে ৷ বংগৰ বুদ্ধিজীবি গৰাকীয়ে মন্তব্য কৰে ” চ্যুকাফা চীনা আক্ৰমণকাৰী আছিল ৷ এই চ্যুকাফাৰ নামত চৰকাৰে কিয় অসম দিৱস পাতে বুলি ছ’চিয়েল মিডিয়াত মন্তব্য কৰিছিল গৰ্গে ৷ ইয়াৰ বাবে এই গৰাকী ব্যক্তিক অতি শীঘ্ৰেই ৰাজ্য চৰকাৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমুলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মজয়ন্তী উদযাপন সমিতিয়ে দাবী জনায় ৷ শনিবাৰে গুৱাহাটী প্ৰেছক্লাবত অনুষ্ঠিত এক সংবাদ মেলত সমিতিৰ সাধৰণ সম্পাদক ৰাজীব দাসে কয় “সময়ে সময়ে এই গৰ্গ নামৰ ব্যক্তি গৰাকীয়ে অসমৰ সাতামপুৰুষীয়া সম্প্ৰতি বিনষ্ট কৰিবলৈ বিভিন্ন ধৰনৰ সামাজিক মাধ্যমত পোষ্ট দিয়া দেখিবলৈ পাইছো ৷ ১৭ জুনত চ্যুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা মন্তব্য অসমবাসী ৰাইজে সহজ ভাবে ল’ব নোৱাৰে ৷ ইয়াৰ বাবে আমাৰ সমিতিৰ তৰফৰ পৰা পল্টনবজাৰ আৰক্ষী থানাত এখন এজাহাৰ দিয়া হৈছে ৷ এই ক্ষেত্ৰত অসম আৰক্ষীয়ে বংগৰ এই তথাকথিত বুদ্ধিজীবি জনক তাৎক্ষণিক ভাবে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমুলক সষ্টি প্ৰদান কৰক ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আমাৰ তৰফৰ পৰা অনুৰোধ জনাও ’এই গৰাকী ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰক ৷ ভবিষ্যতে যাতে অসমৰ সাতামপুৰুষীয়া শান্তি সম্প্ৰতি বিনষ্ট কৰিব পৰা কোনো মন্তব্য দিবলৈ সাহস নকৰে ’তাৰ বাবে চৰকাৰক কঠোৰ হবলৈ ৰাজীব দাসে আহ্বান জনাই ৷তেওঁ লগতে কয় অসমৰ কথা চিন্তা কৰা মানুহ অসমত অভাব হোৱা নাই ৷বংগৰ সুবিধাবাদী গৰ্গৰ নিচিনা ব্যক্তিয়ে আমাক পৰামৰ্শ দিয়াৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে ৰাজীব দাসে ৷সংবাদ মেলত কাৰ্য্যকাৰী সভাপতি দেৱশিষ সেন গুপ্তা কয় “গৰ্গ নামৰ বংগৰ বুদ্ধিজীবি গৰাকীয়ে সম্পূৰ্ণ ৰাজনৈতিক ভাবে উদ্দেশ্য প্ৰনোদিত ভাবে সুবিধাবাদীৰ ভুমিকা গ্ৰহন কৰি আহোম সম্প্ৰদায়ৰ ওপৰত মন্তব্য আগবঢ়াইছে। যিটো সময়ত চীন – ভাৰতৰ যুদ্ধৰ দামামা সৃষ্টি হৈ আছে তেনে সময়ত এনেকুৱা মন্তব্যই অসমৰ ঐক্য বিনস্ত কৰিব বিছাৰিছে গৰ্গে ৷ সেই বাবেই এনেকুৱা মানুহক গেপ্তাৰ কৰি শাস্তি প্ৰদান কৰক চৰকাৰ তথা অসম আৰক্ষীয়ে ৷ লগতে গৰ্গ নামৰ ব্যক্তিগৰাকীৰ কোনো অসমৰ ৰাইজে গুৰুত্ব নিদিয়ে তাৰ বাবেই সেনগুপ্তই অসমৰ জনসাধাৰণক অনুৰোধ জনাই ৷ উল্লেখ্য অন্যতম সাধৰণ সম্পাদক শংকৰ চক্ৰৱৰ্তী সংবাদ মেলখনত উপস্থিত থাকে ৷