আহিনমহীয়া বানত বুৰ গ’ল কামপুৰৰ বিভিন্ন অঞ্চল…

104

কামপুৰঃ আহিন মহীয়া বানত বুৰ গৈছে নগাঁও জিলাৰ কামপুৰ। বিগত ৫ দিনে দি থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰাপানী নদীৰ বুকু উফন্দি উঠি এতিয়া প্লাৱিত কৰিছে গৰুবাট মৌজাৰ বিভিন্ন অঞ্চল। কচুৱা অঞ্চলতো এতিয়া বানে নমাইছে বিভীষিকা। জুৰিপাৰ, লংজাপ, মাধৱপাৰা, ৰাজআলি, আলিটাঙনি, ৰাঙলুবস্তি আদি ন ন ঠাই প্লাৱিত কৰিছে বানে।

ইফালে কামপুৰ বৈঠালাংচু পথৰ ওপৰৰে পানী বাগৰাত ব্যহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। কচুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত বৰাৰ সহযোগত এছডিআৰএফ বাহিনীয়ে বানত আৱদ্ধ লোকসকলৰ উদ্ধাৰ অভিযানত নামি পৰিছে।