আশ্বৰ্যকৰ, আকাশমাৰ্গত চলন্ত বিমানৰ টয়লেটত সন্তান প্ৰসৱ এগৰাকী মহিলাৰ…

52

ডিজিটেল ডেস্কঃ আকাশ মাৰ্গত চলন্ত বিমানৰ টয়লেটতে সন্তান জন্ম দিলে এগৰাকী মহিলাই।

এই আচৰিত ঘটনা সংঘটিত হৈছে কেএলএম ৰয়েল ডাচ বিমানত।

জানিব পৰা মতে, ইকুৱেডৰৰ গুৱায়াকিলৰ পৰা আমষ্টাৰডামলৈ উৰা মৰা বিমানখনৰ টয়লেটত আকাশ মাৰ্গতে এটি সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে।

সন্তান জন্ম দিয়া মহিলাগৰাকীৰ নাম তামাৰা বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তামাৰা নামৰ মহিলাগৰাকীয়ে নিজেও জনা নাছিল যে তেওঁ গৰ্ভৱতী।

যাৰ বাবে আচৰিত ধৰণে নিজৰ অলক্ষিতেই বিমানৰ টয়লেটত তেওঁ সন্তান জন্ম দিয়ে।

বৰ্তমান মাতৃ আৰু কন্যা সন্তানটি সম্পূৰ্ণৰূপে সুস্থ বুলি জানিব পৰা গৈছে।