আল কায়দাৰে জড়িত থকাৰ সন্দেহত অসমত গ্ৰেপ্তাৰ আন এজন…

273

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ পৰা আল কায়দা ভাৰতীয় উপমহাদেশ (একিউআইএছ) আৰু আনছাৰুল্লাহ বাংলা টীমৰ সৈতে জড়িত আৰু এজন লোকক গ্ৰেপ্তাৰ কৰে।

‘বঙাইগাঁও জিলাৰ জোগীঘোপা থানা এলেকাৰ পৰা আব্দুছ চৌহান নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে। পূৰ্বে গ্ৰেপ্তাৰ হোৱা দুজন ইমামৰ সৈতে তেওঁৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে।’- সংবাদ সংস্থা এএনআইক এইদৰে কয় গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ভিভি ৰাকেশ ৰেড্ডীয়ে।

ইয়াৰ পূৰ্বে গোৱালপাৰা জিলা আৰক্ষীয়ে নামনি অসমৰ পৰা একিউআইএছ আৰু এবিটিৰ সৈতে জড়িত দুজন ইমামক গ্ৰেপ্তাৰ কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত টিংকুনিয়া শান্তিপুৰ মছজিদৰ ইমাম আব্দুছ সুভান আৰু গোৱালপাৰা জিলাৰ মটিয়া থানাৰ অন্তৰ্গত টিলাপাৰা নতুন মছজিদৰ ইমাম জালালুদ্দিন শ্বেখক গ্ৰেপ্তাৰ কৰা হৈছিল।

একিউআইএছ/এবিটিৰ বৰপেটা আৰু মৰিগাঁও মডিউলৰ সৈতে তেওঁলোকৰ সংযোগ সক্ৰিয়ভাৱে পোৱা গৈছে বুলি ৰেড্ডীয়ে কয়।