আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই বিচাৰিলে পোনপটীয়াকৈ টেলিফোনত কথা পাতিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

93

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই বিচৰিছে পোনপটীয়াকৈ টেলিফোনিক বাৰ্তালাপ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আলফা স্বাধীনৰ সৈতে আলোচনা আগবঢ়াই নিবলৈ অনুমতি লাভ কৰাৰ পিছতে সংবাদ মাধ্যমক এই কথা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

হিমন্ত বিশ্ব শৰ্মাই কয়, “অনানুষ্ঠানিকভাৱে পৰেশ বৰুৱাৰ সৈতে আমাৰ আলোচনা চলি আছে৷ কিন্তু এই আলোচনা তৃতীয় পক্ষৰ জৰিয়তেহে চলি আছে৷ আলোচনাই গতি লাভ কৰিবলৈ হ’লে আনুষ্ঠানিকভাৱে আৰু পোনপটীয়াকৈ আৰম্ভ হ’ব লাগিব৷ সেয়ে আমি পোনপটীয়াকৈ কথা-বতৰা আৰম্ভ কৰাৰ বাবে আগবাঢ়িছো৷” অৱশ্যে ইয়াৰ বাবে সময় আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ আগ্ৰহ লাগিব বুলিও মন্তব্য কৰে শৰ্মাই।