আলফা (স্বা)ৰ মহিলা কেডাৰ পূৰ্ণিমা বৰা ওৰফে মিতু অসমক গ্ৰেপ্তাৰ

116

সংযুক্ত মুক্তি বাহিনী আলফা(স্বা)ৰ জ্যেষ্ঠ মহিলা কেডাৰ পূৰ্ণিমা বৰা ওৰফে মিতু অসমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। তিনিচুকীয়া আৰক্ষী আৰু আসাম ৰাইফলছে চলোৱা যৌথ অভিযানত অসম-অৰুনাচল সীমান্তৰ জয়ৰামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আলফা সদস্য গৰাকীক।

উল্লেখ্য যে আলফা(স্বা)ত বিগত ১৯ বছৰ ধৰি জড়িত হৈ থকা মহিলা কেডাৰ গৰাকীৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰ নাজিজুলিত। তেওঁ ২੦੦২চনত যোগদান কৰিছিল আলফা(স্বা)ত। বৰ্তমান তিনিচুকীয়া আৰক্ষীৰ জিম্মাত থকা মহিলা কেডাৰ গৰাকীয়ে স্বাস্থ্যজনিত কাৰণত ম্যানমাৰৰ আলফা শিবিৰৰ পৰা ওলাই অহা বুলি জানিব পৰা গৈছে।