আলফা স্বাধীনৰে সম্পৰ্ক থকাৰ সন্দেহত ৪ জনক আটক…

188

তিনিচুকীয়া আৰক্ষীয়ে দেওবাৰে নিষিদ্ধ ঘোষিত সংগঠন ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট আছম-ইণ্ডিপেণ্ডেণ্ট (আলফা-আই)ৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত দুগৰাকী মহিলাসহ চাৰিজন লোকক আটক কৰে।

ধৃত ৪ জনৰ ভিতৰত তিনিজনক ক্ৰমে মৃণালী গগৈ, গীতাশ্ৰী বৰা আৰু অমৰজ্যোতি বৰুৱা ওৰফে মণ্টু বৰুৱা বুলি জানিব পৰা গৈছে। আটাই কেইজনকে নগাঁও জিলাৰ পানীতোলাৰ পৰা আটক কৰা হয়।

চতুৰ্থজন সন্দেহযুক্ত সৌৰভ চেতিয়াক পানীমুদিয়া অঞ্চলৰ পৰা আটক কৰা হৈছে।

ইয়াৰ পূৰ্বে আজি আৰক্ষী অধীক্ষক শুভজ্যোতি বৰাৰ তত্বাৱধানত ডিমৌৰ ৰূপহীবাম আৰু নবিলত ব্যাপক আৰক্ষী-অৰ্ধসামৰিক অভিযান চলোৱা হৈছিল।

এই বিষয়ত এজন অভিযুক্তক জিম্মাত ল’বলৈ সক্ষম হয়। অভিযুক্তজনৰ নাম মহেন্দ্ৰ বৰুৱা।

নিষিদ্ধ সংগঠনটোৰ সৈতে বৰুৱাৰ সম্পৰ্ক থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। তেওঁক ডিমৌ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে।