চৰকাৰ আৰু আলফা স্বাধীনৰ শান্তি আলোচনাক লৈ চৰ্চা চলি থকাৰ সময়তে পোহৰলৈ আহিছে এক বিস্ফোৰক কাণ্ড। আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এটা ভিডিঅ’, য’ত সঞ্জীৱ শৰ্মা নামৰ এজন যুৱকে নিজকে অসম আৰক্ষীৰ চোৰাংচোৱা বুলি পৰিচয় দি কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে।
জানিব পৰা মতে, বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ নিৱাসী সঞ্জীৱ শৰ্মাই কিছুদিন আগতে আলফা স্বাধীনত যোগদান কৰিছিল। তেওঁ আলফাত যোগদান কৰাৰ মূল কাৰণ আছিল যাতে আলফাৰ গোপন তথ্য আৰক্ষীক যোগান ধৰিব পাৰে।
কিন্তু আলফা স্বাধীনৰ চকুত গুপ্তচৰ সঞ্জীৱ শৰ্মা ধৰা পৰাৰ পিছত এতিয়া বহু প্ৰশ্নৰ উদয় হৈছে। আলফাই প্ৰেৰণ কৰা ভিডিঅ’টোত সঞ্জীৱ শৰ্মাই স্পষ্টভাৱে কৈছে যে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত আৰু জনৈক ধুনুমণি শইকীয়া নামৰ যোৰহাটৰ এজন সেনা বিষয়াৰ নিৰ্দেশত তেওঁ যোগ দিছিল আলফা স্বাধীনত।
তেওঁৰ কাম আছিল পৰেশপন্থী আলফাৰ জ্যেষ্ঠ নেতাসকলক হত্যা কৰা আৰু যাতে অসম আৰক্ষীয়ে অভিযান চলাব পাৰে, তাৰ বাবে আলফাৰ শিৱিৰৰ গোপন তথ্য আৰক্ষীক যোগান দৰা। আৰক্ষী বিষয়াজনৰ নিৰ্দেশত বোমা বিস্ফোৰণৰো পৰিকল্পনা কৰিছিল সঞ্জীৱ শৰ্মাই।
বিশেষকৈ তেওঁৰ ভাতৃ তথা পেৰা কমাণ্ডো অপূৰ্ব কুমাৰ শৰ্মাৰ হত্যাৰ প্ৰতিশোধ ল’বলৈকে অসম আৰক্ষীৰ হৈ কাম কৰিবলৈ মান্তি হোৱা বুলি স্বীকাৰ কৰে সঞ্জীৱ শৰ্মাই।
আলফাৰ ভিতৰত থাকি চলোৱা এই অভিযান সফলতাৰে সম্পন্ন হ’লে যুৱকজনক এক কোটি টকা প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিছিল যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই।
পূৰ্বেই কেইবাটাও অভিযানত আৰক্ষীক সহায় কৰা সঞ্জীৱ শৰ্মা নামৰ যুৱকজনৰ স্বীকাৰোক্তি মতে, আলফাৰ ভিতৰত যোগদান কৰিছে অসম আৰক্ষীৰ আন বহু গুপ্তচৰে। এইসকলৰ তথ্যৰ ওপৰত ভিত্তি কৰি ২০২৩ত আৰক্ষীয়ে আলফাৰ বিৰুদ্ধে অভিযান চলোৱাৰ পৰিকল্পনা কৰিছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই বাৰাম্বাৰ শান্তি আলোচনাক লৈ আশা ব্যক্ত কৰি থকাৰ মাজতে সঞ্জীৱ শৰ্মা নামৰ যুৱকজনৰ স্বীকাৰোক্তিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।