আলফালৈ প্ৰেৰণ কৰা হোৱা নাই মানস বৰগোঁহাই নামৰ কোনো লোককঃ দাবী অসম আৰক্ষীৰ…

132

ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছম-ইণ্ডিপেণ্ডেণ্ট (আলফা-আই)ৰ এটা ভিডিঅ’ প্ৰকাশ কৰাৰ কেইঘণ্টামানৰ পাছতে দেওবাৰে অসম আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনটোৰ ভিতৰত আৰক্ষীৰ চোৰাংচোৱা থকাৰ অভিযোগ খণ্ডন কৰে।

নিষিদ্ধ সংগঠনটোৱে কৰা দাবী খণ্ডন কৰি আৰক্ষীয়ে এক বিবৃতিত কয় যে মানস বৰগোহাঁই নামৰ কোনো ব্যক্তিক চোৰাংচোৱা হিচাপে আলফা স্বাধীনৰ শিবিৰলৈ প্ৰেৰণ কৰা হোৱা নাছিল। আৰক্ষীয়ে লগতে কয় যে অসম আৰক্ষীয়ে ২০২১চনৰ শাখাত আৰক্ষীৰ বিশেষ দলত কাকো নিযুক্তি দিয়া নাই।

উল্লেখ্য যে, আলফা স্বাধীনে এটা ভিডিঅ’ৰ জৰিয়তে ‘সংগঠনৰ সংবিধান উলংঘা’ কৰাৰ অভিযোগত বৰগোহাঁই ওৰফে মুকুট অসমক বন্দী কৰা বুলি সদৰী কৰিছিল। পিছত এটা কথিত ভিডিঅ’ত বৰগোহাঁইয়ে অসম আৰক্ষীৰ বিশেষ শাখাত নিযুক্তি দিয়াৰ কথা স্বীকাৰ কৰে।

যুৱকজনে কয় ২০২১ চনত তেওঁ নিষিদ্ধ সংস্থা এটাত অনুপ্ৰৱেশ কৰি গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। তেওঁ অভিযোগ কৰে যে অসম আৰক্ষী বিভাগৰ উচ্চ পদস্থ বিষয়াসকল এই পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ লগত জড়িত হৈ আছে।