গুৱাহাটীঃ আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা ধেমাজি জিলাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিকবক্সাৰ সবিতা চেতিয়াৰ পৰিয়ালৰ সদস্যসকলে তেওঁক ঘৰলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে।
সবিতা চেতিয়াৰ ভগ্নীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, “আমি নাজানো তেওঁ ক’ত আছে। কেৱল তেওঁ ঘূৰি আহক আমাৰ মাজলৈ।” ইফালে আন এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিকবক্সাৰ নয়নমণি চেতিয়াৰ জ্যেষ্ঠ ভাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে ভগ্নীলৈ আহ্বান জনায় কয়, “তেওঁ আন সতীৰ্থৰ সৈতে কিকবক্সিং প্ৰতিযোগিতাত অংশ লবলৈ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল। আমি তেওঁ ঘূৰি অহাৰ অপেক্ষাত আছোঁ।” উল্লেখ্য যে, নয়নমণি চেতিয়াৰ স্বামী এগৰাকী আৰক্ষী বিষয়া। তেওঁলোকৰ এটি ৫ বছৰীয়া সন্তানো আছে।
এই দুজন কিকবক্সাৰৰ সৈতে, পাঁচগৰাকী মহিলাই আলফা স্বাধীনত যোগদান কৰিছে বুলি দাবী কৰা হৈছে। নিষিদ্ধ সন্ত্ৰাসবাদী গোটটোৰ একপক্ষীয় যুদ্ধবিৰতি মাত্ৰ তিনি মাহৰ বাবে বৃদ্ধি কৰা হোৱা স্বত্বেও, নিযুক্তি অব্যাহত ৰাখিছে। নয়নমণি আৰু সবিতা চেতিয়া দুয়োগৰাকীয়ে পূৰ্বে কেইবাটাও প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ।