আমেৰিকাৰ চিনচিনাটিৰ বিভিন্ন স্থানত গুলীচালনা, ৬ জনৰ মৃত্যু

103

ডিজিটেল ডেস্কঃ দেওবাৰে নিশা আমেৰিকাৰ চিনচিনাটি চহৰৰ বিভিন্ন স্থানত সংঘটিত হয় গুলীচালনাৰ ঘটনা। এই ঘটনাত ৬ জন লোক নিহত হোৱাৰ লগতে কমেও ১৪ জন লোক আহত হয় বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, নিশা প্ৰায় ১২ বজাত চহৰখনৰ আভ’নডেল অঞ্চলত দুৰ্বৃত্তই গুলীবৰ্ষণ কৰে। এই ঘটনাত এগৰাকী যুৱতীসহ ৪ জন লোক গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসালয়ৰ নিয়াৰ পথত মৃত্যু ঘটে।

আনহাতে প্ৰায় ঘণ্টাৰ ভিতৰতে অ’ভাৰ দ্য ৰাইন’ অঞ্চলতো গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয়। এই গুলীচালনাৰ ঘটনাত ১০জন লোক আহত হোৱাৰ উপৰিও ২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

প্ৰায় একেই সময়তে চহৰখনৰ আৱালনা আৰু আন দুটা অঞ্চলতো দুৰ্বৃত্তই গুলীচালনা কৰে। এটা ৰাতিৰ ভিতৰতে চহৰখনৰ বিভিন্ন প্ৰান্তত সংঘটিত এনে গুলীচালনাৰ ঘটনাই আৰক্ষীকো বিপাঙত পেলাইছে। আমেৰিকান আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্ত চলাই এই গুলীচালনাৰ ঘটনাসমূহৰ ইটোৰ সৈতে সিটোৰ সম্পৰ্ক নাই বুলি মন্তব্য কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।