আমেৰিকাত কৃষ্ণাংগ ব্যক্তিৰ ওপৰত আৰক্ষীৰ গুলীচালনাৰ বিৰোধিতাৰে WTAৰ ছেমি ফাইনেল বয়কট টেনিছ তাৰকা নাওমি ওছাকাৰ

78

ডিজিটেল ডেস্কঃ দেওবাৰে সন্ধিয়া আমেৰিকাৰ কেনোছা চহৰত কেনোছা আৰক্ষীৰ দ্বাৰা এজন কৃষ্ণাংগ ব্যক্তিক গুলীবৰ্ষণ কৰাৰ বিৰুদ্ধে অব্যাহত আছে উত্তাল প্ৰতিবাদ। মে’ মাহত মাৰ্কিন আৰক্ষীয়ে জৰ্জ ফ্লয়েড নামৰ এজন কৃষ্ণাংগ ব্যক্তিজনক গুলীয়াই হত্যা কৰাৰ পিছত সৃষ্টি হোৱা বিক্ষোভ দেওবাৰে জেকব ব্লেক নামৰ কৃষ্ণাংগ ব্যক্তিজনৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীবৰ্ষণৰ পিছত যেন অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ কেনোছাৰ লগতে আমেৰিকাৰ অন্যান্য চহৰৰৰ ৰাজপথলৈ অহা প্ৰতিবাদকাৰীক বাধা দিবলৈ যাওতে মঙলবাৰে পুনৰ দুজন লোকৰ মৃত্যু ঘটে।

ইফালে সমগ্ৰ বিশ্বতে আমেৰিকাত সংঘটিত এই ঘটনাৰ বিৰুদ্ধে নামি পৰিছে কৃষ্ণাংগ লোকসকল। বৃহস্পতিবাৰে জাপানৰ টেনিছ খেলুৱৈ নাওমি ওছাকায়ো এই ঘটনাৰ বিৰুদ্ধাচৰণ কৰি ওমেন টেনিছ এছ’চিয়েছন চমুকৈ ডব্লিউটিএয়ে আয়োজন কৰা টেনিছ খেলৰ ছেমি ফাইনেল খনত অৱতীৰ্ণ নহয় বুলি ঘোষণা কৰিছে।

বুধবাৰে মহিলা টেনিছ তাৰকাগৰাকীয়ে জাৰি কৰা এক বিবৃতিত কয় যে কৃষ্ণাংগ লোকৰ বিৰুদ্ধে মাৰ্কিন প্ৰশাসনে গ্ৰহণ কৰা আক্ৰমণাত্মক আচৰণৰ বিৰোধিতা কৰি তেওঁ খেলখনত ভাগ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এগৰাকী কৃষ্ণাংগ হিচাপে এয়া তেওঁৰ আন এগৰাকী ব্যক্তিৰ প্ৰতি প্ৰদৰ্শন কৰা সহমৰ্মিতা বুলিও প্ৰকাশ কৰে দুবাৰকৈ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা টেনিছ তাৰকাগৰাকীয়ে।

‘টেনিছ খেলাৰ পূৰ্বে ময়ো এগৰাকী সাধাৰণ কৃষ্ণাংগ যুৱতী আছিলো। আজি মোক মানুহে চিনি পায়, কিন্তু তেতিয়া পোৱা নাছিল। আমেৰিকাৰ দৰে দেশত মোৰো ভয় হৈছিল যে কেতিয়াবা কিজানিবা এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগা হৈয়েই মই ক’লা বৰণৰ হোৱা বাবে! সেয়ে আজি যুক্তৰাষ্ট্ৰখনত কৃষ্ণাংগ ব্যক্তিৰ ওপৰত যি অত্যাচাৰ চলিছে, তাৰ বিৰুদ্ধে মই মাত মতাটো মোৰ দায়িত্ব বুলি ভাৱো। মই তাকেই কৰিছো।’ -বিবৃত্তিত এইদৰে কয় টেনিছ তাৰকা নাওমি ওছাকাই।