জিঅ” পাৰ্ডী ২০২০- শীর্ষক কুইজ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অর্জন নিবিড় শৰ্মাৰ
ষ্টাফৰিপোৰ্টাৰ, ২২ এপ্ৰিল :: আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাবিদ্যালয়- বিশ্ববিদ্যালয় ছাত্ৰ – ছাত্ৰীৰ মাজত অনুষ্ঠিত জিঅ” পাৰ্ডী ২০২০- শীর্ষক কুইজ প্ৰতিযোগিতাত মঙলদৈৰ সন্তান নিবিড় শৰ্মাই শ্ৰেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ ১৯৯৮ চনৰ পৰা চলি অহা এই সন্মানজনক প্ৰতিযোগিতাত লক্ষাধিক প্ৰতিযোগিক অতিক্ৰম কৰি শ্ৰেষ্ঠত্ব অর্জন কৰা নিবিড় শৰ্মাই এক লাখ ডলাৰ পুৰস্কাৰ হিচাপে লাভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰৰ মিনে ছট্টা ইউনিভাৰ্চিটিৰ কেমিকেল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ নিবিড় শৰ্মাই কেইবাটাও ৰাউণ্ড অতিক্ৰম কৰি ১৬ আৰু ১৭ এপ্ৰিলত তিনিজন প্ৰতিযোগিৰ মাজত হোৱা চূড়ান্ত ৰাউণ্ডত বিজয়ী হয়।
উল্লেখ মেধাবী ছাত্ৰ নিবিড় শৰ্মাই তদানীন্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই শৈক্ষিক বঁটা প্ৰদান কৰিছিল।
