‘আমেৰিকাক পুনৰ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ মই উভতিবই লাগিব’

70

ডিজিটেল ডেস্কঃ সুস্থ হৈ উঠিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম আৰু ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প কোৱাৰেণ্টাইন হৈ আছিল। শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্পৰ স্বাস্থ্য যথেষ্ট উন্নত হোৱা বুলি নিজেই সদৰী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

ৱেলটাৰ ৰীড হাস্পতালত ভৰ্তি হৈ থকা ডোনাল্ড ট্ৰাম্পে হাস্পতালৰ পৰাই কয় যে পুনৰ কৰ্মক্ষেত্ৰলৈ উভতি আহিবলৈ তেওঁ সাজু হৈছে। তেওঁ কয়, ‘মই উভতিবই লাগিব। কাৰণ আমেৰিকাক পুনৰ এবাৰ শ্ৰেষ্ঠ ৰূপে গঢ় দিবলৈ কাম কৰিব লাগিব।’