ডিজিটেল ডেস্কঃ ভাৰত ভ্ৰমণলৈ অহা মাৰ্কিন বৈদেশিক সচিব মাইক পম্পেঅ’ আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক টি এছপাৰে মঙলবাৰে ভাৰত-চীনৰ উত্তেজনাক লৈ হোৱা আলোচনাৰ সময়ত ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে আমেৰিকাই সদায় সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰাৰ পিছতে সৰৱ হৈ পৰিছে চীন। দিল্লীত থকা চীনা দূতাবাসৰ তৰফৰ পৰা বুধবাৰে জাৰি কৰা এক বিজ্ঞপ্তিত স্পষ্ট হৈ পৰে চীনৰ ক্ষোভ। ভাৰত-চীনৰ মাজৰ সমস্যাত তৃতীয় পক্ষৰ কোনো ঠাই নাই বুলি মন্তব্য কৰি চীনা দূতাবাসে লগতে এয়াও কয় যে আমেৰিকাই ভাৰতীয় উপ মহাদেশত নিজৰ অধিপত্য বিস্তাৰ কৰাৰ বাবে কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ভাৰতৰ সৈতে এক সন্মিলিত বৈঠকত অংশ লোৱাৰ বাবে সোমবাৰে ভাৰতত উপস্থিত হোৱা মাৰ্কিন বৈদেশিক সচিব মাইক পম্পেঅ’ আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক টি এছপাৰে মঙলবাৰে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সামৰিক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাপৰা বৃদ্ধি কৰাৰ বাবে আলোচনা হয়। তদুপৰি এই বৈঠকত লাদাখৰ নিয়ন্ত্ৰণৰেখাত ভাৰত-চীনৰ মাজত সৃষ্টি হোৱা উত্তেজনাক লৈও আলোচনা কৰে দুই ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে। তাৰ পিছতে যৌথভাৱে সম্বোধন কৰা এক সংবাদ মেলত চীনক আক্ৰমণৰ লক্ষ্য কৰি লৈ মাৰ্কিন প্ৰতিনিধি দুগৰাকীয়ে কয় যে ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত আমেৰিকা সদায় বন্ধুৰ দৰে সহায় কৰি যাব। যিকোনো বিপদ পৰা ৰক্ষা কৰাৰ বাবে দুয়োখন দেশে একেলগে কাম কৰিব বুলিও আশ্বাস দিয়ে আমেৰিকাই।
ইয়াৰ পিছতে বুধবাৰে চীনা দূতাবাসৰ পৰা জাৰি কৰা হয় এক বিবৃতি। বিবৃতিত কোৱা হয়, ‘সীমান্ত সমস্যা ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সমস্যা। প্ৰকৃত নিয়ন্ত্ৰণৰেখাত স্থিতাৱস্থা ঘূৰাই অনাৰ বাবে দুয়োখন দেশৰ মাজত কূটনৈতিক আৰু সামৰিক মাধ্যমৰে আলোচনা চলিছে। দিল্লী আৰু বেইজিঙে নিজৰ ধৰণেই এই সমস্যা সঠিকভাৱে সমাধান কৰিব পাৰে। গতিকে তাত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপৰ ঠাই নাই।’
