আফগানিস্তানত তালিবানৰ শাসন আৰম্ভ হোৱাৰ পিছতে মহিলাসকলৰ ওপৰত আৰোপ কৰা হৈছে বাধা-নিষেধ। যাৰ পিছতে ৰাজপথলৈ নিজৰ অধিকাৰৰ দাবীত ওলাই আহিবলৈ বাধ্য হৈছে আফগান মহিলাসকল।
দেশখনৰ হেৰাটত অৰ্ধশতাধিক আফগান মহিলাই হাতে হাতে প্লেকাৰ্ড লৈ সমতা, অধিকাৰ আৰু ন্যায়ৰ দাবীত প্ৰতিবাদ সব্যস্তকৰা দেখা যায়। মহিলাসকলে “আমি বিশ বছৰ আগৰ মহিলা নহয়” বুলিও তালিবানৰ বিৰুদ্ধে হুংকাৰ দিয়ে।
উল্লেখ্য যে, ২০ বছৰ পূৰ্বে যেতিয়া তালিবানে আফগানিস্তানত শাসন চলাইছিল, সেই সময়তো মহিলাসকলৰ ওপৰত নানান বাধা নিষেধ আৰোপ কৰিছিল। মহিলাসকলৰ শিক্ষা, কৰ্মৰ অধিকাৰ কাঢ়ি নিয়াৰ লগতে বাহিৰলৈ অকলে ওলোৱাৰ, নিজৰ পছন্দৰ জীৱন যাপন কৰাটো বাধাপ্ৰদান কৰিছিল তালিবানে।
২০ বছৰ পিছত পুনৰ এবাৰ তালিবান ক্ষমতালৈ আহি একেই পন্থা হাতত লোৱা পৰিলক্ষিত হৈছে। মহিলাসকৰ শিক্ষা আৰু কৰ্মৰ অধিকাৰ পুনৰ এবাৰ তালিবানে কাঢ়ি লোৱাৰ বিৰুদ্ধে এতিয়া তালিবানী বৰ্বৰতাকো নেওচি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে আফগান মহিলাসকল।