আমি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ আহিছোঁ: ইউপিপিএল প্ৰধান প্ৰমোদ বড়ো

86

কোকৰাঝাৰ : বিটিচিত অন্ত পৰিল হাগ্ৰামাৰ শাসন। এইবাৰ বিজেপিয়ে ইউপিপিএলক সমৰ্থন জনোৱাৰ পিছতে বিটিআৰত প্ৰমোদ বড়োই শাসন চলাটো নিশ্চিত হৈ পৰিছে। ইউপিপিএলে বিটিচি নিৰ্বাচনী প্ৰচাৰত এখন দুৰ্নীতিমুক্ত বিটিআৰ গঠনৰ প্ৰতিশ্ৰুতি দিছিল।

সেই প্ৰতিশ্ৰুতিকে জয়ৰ পিছত পুনৰ এবাৰ সুঁৱৰি আজি প্ৰমোদ বড়োই কয় যে দুৰ্নীতি সহ্য কৰা নহব। তেওঁ কয়, ‘দুৰ্নীতি হ’ল আমাৰ প্ৰধান শত্ৰু । শত্ৰুৰ সতে আমি যুঁজিবলৈ আহিছোঁ। কোনোবা বিষয়া-কৰ্মচাৰী, ৰাজনীতিজ্ঞই দুৰ্নীতি কৰিলে ৰেহাই দিয়া নহব। নিজকে পৰিবৰ্তন কৰিবলৈ শিকক, শপত গ্ৰহণৰ পিছতে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিম।’

আজি কোকৰাঝাৰত হাজাৰ হাজাৰ জনতাই প্ৰমোদ বড়োক উষ্ম আদৰণি জনোৱাৰ মাজতে ইউপিপিএলৰ কাৰ্যালয়ত উপস্থিত হোৱা প্ৰমোদ বড়োই সোমবাৰে উক্ত মন্তব্য কৰে।