আমি দুখন আসনত জিকিম, হাতত পদত্যাগ পত্ৰ লৈ সাজু হওক জয়ন্ত মল্ল বৰুৱা: কংগ্ৰেছ

126

গুৱাহাটীঃ “হাতত পদত্যাগ পত্ৰ লৈ বিধায়ক পদ এৰিবলৈ সাজু হওক জয়ন্ত মল্ল বৰুৱা।” – এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এপিচিচি) মুখপাত্ৰ আৰু সম্পাদক পাৰ্থ প্ৰতিম বৰাৰ। সদ্য সমাপ্ত নিৰ্বাচনত কংগ্ৰেছে যদি এখন আসনো পায়, তেন্তে বিধায়ক পদৰ পৰা পদত্যাগ কৰিব বুলি নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যৰ উত্তৰ দি এইদৰে কয় কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে.

এটা ভিডিঅ’ শ্বেয়াৰ কৰি পাৰ্থপ্ৰতিম বৰাই কয় যে উপ নিৰ্বাচনত দুখন আসনত কংগ্ৰেছৰ জয় নিশ্চিত আৰু বাকী তিনিখনত তুমুল প্ৰতিদ্বন্দ্বিতা চলিব। গতিকে জয়ন্ত মল্ল বৰুৱা পদত্যাগৰ বাবে সাজু হোৱা উচিত।

উল্লেখ্য যে, ৩০ অক্টোবৰত গোসাইগাঁও, ভবানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত অসম বিধানসভা উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল। ভোটগ্ৰহণ শনিবাৰে পুৱা ৭ বজাত আৰম্ভ হৈছিল আৰু সন্ধিয়া ৫ বজাত অন্ত পৰিছিল।