ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল :: আমিনগাঁও ৰাজহুৱা সাপ্তাহিক বজাৰ সমিতিৰ উদ্যোগত অসম আৰোগ্য নিধি ফাণ্ডলৈ ৫০,০০০.০০ টকাৰ বৰঙণি আগবঢ়োৱা হয়। দেওবাৰে ৰাষ্টীয় স্বাস্থ্য অভিযান, গুৱাহাটী খ্ৰীষ্টান বস্তিস্হিত কাৰ্যলয়ত আমিনগাঁও ৰাজহুৱা সাপ্তাহিক বজাৰ সমিতিৰ সভাপতি সংগ্ৰাম দাস আৰু সাধাৰণ সম্পাদক নিতুল দাসে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত পঞ্চাচ হাজাৰ টকাৰ চেক্ এখন প্ৰদান কৰে।