আমগুৰিত কৰ্তব্যৰত আৰক্ষীক দুই মহিলাৰ অপমান

69

জনতাৰ সেৱাৰ বাবেই আৰক্ষী। কিন্তু জনতাৰ সেৱা কৰিবলৈ গৈ যেতিয়া আৰক্ষী নিজেই অপমানৰ সন্মুখীন হবলগা হয়, তেন্তে সেয়া দুৰ্ভাগ্যজনক। আমগুৰি বিধানসভা সমষ্টিৰ শিৱ মন্দিৰৰ সমীপত থকা এটুকুৰা বিতৰ্কিত মাটিক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোৱা আৰক্ষী বিষয়া-জোৱানকে অশ্লীল ব্যৱহাৰেৰে অপমান কৰিলে দুগৰাকী মহিলাই।

অভিযোগ অনুসৰি শিৱমন্দিৰৰ সমীপত থকা এটুকুৰা ভূমিৰ মালিকীস্বত্বক লৈ আদালতত গোচৰ চলি আছে। আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকা আৰু তেওঁৰ স্বৰ্গীয় ককায়েক গগন হাজৰিকাৰ পৰিয়ালৰ ভিতৰত কোন মাটিখিনিৰ প্ৰকৃত মালিক, সেই ৰায় আদালতে এতিয়াও প্ৰদান কৰা নাই। আনহাতে এই বিতৰ্কিত ভূমিত বিধায়ক প্ৰদীপ হাজৰিকাৰ কথা মতেই যোৱা ৩৫ বছৰে বাস কৰি আহিছে সুশীলা দেৱীৰ পৰিয়ালে।

কিন্তু মঙলবাৰে গগণ হাজৰিকাৰ দুই কন্যাই সেই ভূমিত উপস্থিত হৈ তাত দীৰ্ঘ সময় ধৰি বাস কৰি অহা পৰিয়ালক অকথ্য নিৰ্যাতন চলায় আৰু ঘৰ খালী কৰিবলৈ জোৰ দিয়ে। দুই মহিলাৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি সুশীলা দেৱীয়ে আৰক্ষীলৈ ফোন কৰে আৰু তাৰ কিছুসময় পিছতে হিৰণ্য পাটৰৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল।

কিন্তু দুৰ্ভাগ্যজনকভাৱে আৰক্ষীৰ দল উপস্থিত হোৱাৰ পিছতে কৰ্তব্যৰত আৰক্ষী বিষয়া-জোৱানক আক্ৰমণৰ লক্ষ্য কৰি লয় দুই মহিলাই। তেওঁলোকে আৰক্ষীৰ সন্মুখতে অশ্লীল ভাষা ব্যৱহাৰ কৰাৰ লগতে জন সেৱাৰ দায়িত্বত থকা আৰক্ষী বিষয়া-জোৱানক কঠোৰ ভাষাৰে অপমানো কৰে।

কেৱল মহিলা হোৱাৰ বাবেই কৰ্তব্যৰত আৰক্ষীকো অপমান কৰিবলৈ সাহস পোৱা এই দুই মহিলাৰ প্ৰকৃত স্বৰূপ ইতিমধ্যে পোহৰলৈ আহিছে। ছ’চিয়েল মিডিয়াত দুই মহিলাৰ কাণ্ডই এতিয়া চৰ্চা লাভ কৰিছে।