ষ্টাফ ৰিপোৰ্টাৰ, ১২ মে: কোভিড১৯ৰ সংক্ৰমণ সৃষ্ট লক ডাউনৰ ফলত কৰ্ম সংস্থাপনহীন হৈ তীব্ৰ অৰ্থ আৰু খাদ্য সংকটত ভূগি বিভিন্ন ৰাজ্যত আবদ্ধ হৈ পৰা প্ৰব্ৰজিত শ্ৰমিক সকলক ৰাজ্যখনলৈ ওভোটাই অনাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সাধাৰণ সম্পাদক ৰঞ্জন বৰা আৰু পঙ্কজ বৰবৰাক ক্ৰমে অধ্যক্ষ আৰু আহ্বায়ক হিচাপে লৈ এখন সমিতি গঠন কৰিছে। উল্লেখ প্ৰতিখন ৰাজ্যৰ প্ৰদেশ কংগ্ৰেছ কমিটি সমূহে বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা নিজ নিজ ৰাজ্যৰ শ্ৰমিক সকলৰ ৰেলৰ ভাড়া বহন কৰিব বুলি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভানেত্ৰী চোনীয়া গান্ধীয়ে গ্ৰহণ কৰা এক সিদ্ধান্তৰ ভিত্তিত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এই সমিতিখন গঠন কৰা হৈছে। শ্ৰমিকসকলৰ পৰা অতি উৎসাহজনক সহাঁৰি লাভ কৰা এই সমিতিখনৰ হেল্প ডেষ্কৰ সৈতে এতিয়ালৈকে প্ৰায় ২৫,০০০ এনে শ্ৰমিকে যোগাযোগ কৰিছে বুলি জানিবলৈ দি আহ্বায়ক বৰবৰাই কয় ” এটা বিৰোধী ৰাজনৈতিক দলে এনে ধৰনৰ এক কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হোৱাটোৱে দৰাচলতে লকডাউনৰ ফলশ্ৰুতিত প্ৰব্ৰজিত শ্ৰমিক শ্ৰেণীটোৱে সন্মুখীন হোৱা অভাৱনীয় অস্তিত্বৰ সংকটৰ প্ৰতি শাসনাধিস্থিত দলটোৰ চূড়ান্ত অবজ্ঞাসুচক মনোভাৱটোকহে দৃষ্টিকটু ৰূপত তুলি ধৰিছে। গৰিষ্ঠসংখ্যক এনে শ্ৰমিক কৰ্মসংস্থাপনহীন হৈ তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ পৰাৰ দিশটোক আওকান কৰি তেওঁলোকৰ পৰা ৰেলৰ ভাৰা আদায় কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই চৰকাৰখনৰ শোষণকাৰী চৰিত্ৰটোকহে আৰু অধিক প্ৰকট কৰি তুলিছে। ” এই সমিতিখনে বিভিন্ন ৰাজ্য আৰু সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ কোভিড নিয়ন্ত্ৰণ কক্ষৰ লগত নিকট সম্পৰ্ক ৰাখি “হেল্প দেস্ক” সেৱাৰ জৰিয়তে বহিঃ ৰাজ্যত আবদ্ধ শ্ৰমিকসকলৰ এক তথ্যকোষো যুগুতাই উলিয়াব। পৰিবহণ সম্পৰ্কীয় বিভিন্ন দিশত ৰাজ্য চৰকাৰখনৰ সৈতে সমন্বয় সাধনৰ বাবে পঙ্কজ বৰবৰা, ৰঞ্জন বৰা আৰু কল্যাণ গগৈৰে গঠিত প্ৰদেশ কংগ্ৰেছৰ এটি তিনিজনীয়া প্ৰতিনিধি দলে বিগত সপ্তাহত অসমৰ মূখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সৈতে বৈঠকত বহে।এই তথ্য প্ৰকাশ কৰি বৰবৰাই কয় ” যদিও আমি শ্ৰমিকসকলৰ ৰেল যাত্ৰাৰ ব্যয় বহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো, এই ক্ষেত্ৰত সন্নিবিষ্ট পৰিবহণৰ জটিলতা সমূহৰ বাবে আমাৰ উদ্দেশ্যৰ সফলতা বহু পৰিমাণে ৰাজ্য চৰকাৰখনৰ সহযোগিতাৰ ওপৰতো নিৰ্ভৰ কৰিব। এই ক্ষেত্ৰত মূখ্য সচিব গৰাকীৰ ভূমিকা সন্তোষজনক আৰু তেখেতে আমালৈ সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে আমাৰ পত্ৰখন ইতিমধ্যেই আবদ্ধ লোকসকলৰ আন্তঃৰাজ্যিক পৰিবহণৰ বাবে দায়িত্বপ্ৰাপ্ত বিষয়া, অতিৰিক্ত মহানিৰ্দেশক জি.পি.সিংলৈ প্ৰেৰণ কৰিছে।” বৰবৰাই আৰু কয় এই অভিযানলৈ ক্ষিপ্ৰতা অনাৰ বাবে তেওঁ ৰেলৱে আৰু অন্যান্য শ্ৰমিক সংগঠন সমূহৰ পৰাও সহযোগিতা আদায়ৰ বাবে যত্নপৰ হ’ব। সমিতিখনত বিধায়িকা নন্দিতা দাসকে ধৰি কল্যাণ গগৈ, দূৰ্গা দাস বড়ো, জুৰি শৰ্মা বৰদলৈ, গৌৰৱ সোমানী, অমিত আগৰৱালা, নৱল কিশোৰ মোৰ , হেমন্ত নেওগকে ধৰি কেবাজনো জ্যেষ্ঠ কংগ্ৰেছী নেতাক অন্তৰ্ভুক্ত কৰা হৈছে।