আফগানিস্তানত এতিয়া ভয়ংকৰ বিভীষিকা। তালিবানে ৰাষ্ট্ৰখনত ৰাজত্ব আৰম্ভ কৰাৰ পিছতে জীৱনৰ হেঁপাহত দেশ এৰি পলায়নৰ চেষ্টা চলাইছে বহু আফগান নাগৰিকে। তাৰ মাজতে আফগানিস্তানৰ পপ তাৰকা আৰিয়ানা চৈয়দে এক বিস্ফোৰক মন্তব্য কৰে। তালিবানক পাকিস্তানে প্ৰশিক্ষণ প্ৰদান কৰাৰ বিস্ফোৰক অভিযোগ কৰে পপ তাৰকা গৰাকীয়ে।
এটা সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত আৰিয়ানা চৈয়দে কয়, “পাকিস্তানে তালিবানক নিৰ্দেশনা দি আছে। তালিবানসকলে সেই দেশৰ পৰা প্ৰশিক্ষণ লৈছে।” আৰিয়ানাই পাকিস্তানক বৰ্তমান সময়ত তালিবানক কোনো ধন নিদিবলৈ আহ্বান জনায়।
পপ তাৰকা গৰাকীয়ে লগতে কয়, “মই দেশৰ বাহিৰত আছোঁ। কিন্তু মোৰ হৃদয়ে আফগানিস্তানত থকা লাখ লাখ লোকৰ বাবে কান্দি আছে। আমি ২০ বছৰ আগতে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিলোঁ সেয়া শব্দত প্ৰকাশ কৰিব নোৱাৰি। আজি আমি সেই একেই পৰিস্থিতিৰ সন্মুখীন হৈছো।” আৰিয়ানাই ভাৰতক ধন্যবাদ জনায় কয়, “আফগানসকলৰ হৈ মই ভাৰতক ধন্যবাদ জনাইছো। বহু বছৰৰ বুজাবুজিৰ পিছত, মই বুজি পাইছো যে আফগানিস্তানৰ সকলো চুবুৰীয়া দেশৰ মাজত ভাৰত আমাৰ দেশৰ প্ৰকৃত বন্ধু।”
পপ তাৰকাগৰাকীয়ে ইফালে পাকিস্তানৰ ওপৰত ক্ষোভ ব্যক্ত কৰে এইদৰে, “এই পৰিস্থিতিৰ বাবে মই পাকিস্তানক দোষাৰোপ কৰিছো। পাকিস্তানে এই তালিবানীসকলক সহায় কৰি আহিছে, প্ৰশিক্ষণ দি সন্ত্ৰাস চলাইছে।”
আনহাতে, আফগানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ কথা উল্লেখ কৰি তেওঁ কয়, “ৰাষ্ট্ৰপতিৰ ভূমিকাক লৈ মই হতাশ। তেওঁ আমাক কিছুমান পাকিস্তানীৰ হাতত এৰি যোৱাৰ ধৰণ দেখি মই হতাশ হৈছো। তেওঁ আমাৰ দেশৰ সেনা আৰু লোকসকলক হতাশ কৰিছে। নেতা অবিহনে আমি কিদৰে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিব পাৰিম?” তালিবানৰ শাসনে মহিলাৰ সকলো অধিকাৰ হনন কৰিব বুলি দুখ ব্যক্ত কৰে পপ তাৰকাগৰাকীয়ে। তেওঁ বৰ্তমান দেশৰ বাহিৰত থাকিয়েই কাম কৰিব বিচাৰে বুলিও মন্তব্য কৰে।