আফগানিস্তান সংকট সন্দৰ্ভত আলোচনাৰ বাবে বিদেশ মন্ত্ৰণালয়ৰ সৰ্বদলীয় বৈঠক

75

আফগানিস্তানত তালিবানৰ দখলৰ পিছত দেখা দিয়া সংকট সন্দৰ্ভত আলোচনাৰ বাবে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে আহ্বান কৰা সৰ্বদলীয় বৈঠকখন আজি অনুষ্ঠিত হৈছে। এই বৈঠকত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি প্ৰায় প্ৰতিটো বিৰোধী দলৰ সাংসদ সকল উপস্থিত আছে।

এই বৈঠকত আফগানিস্তান সন্দৰ্ভত ভাৰতৰ পৰৱৰ্তী ৰণনীতি সন্দৰ্ভত আলোচনা হব। লগতে কাবুলকে ধৰি তালিবান অধিকৃত চহৰ সমূহত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিক সকলৰ স্থানান্তৰ অভিযান সন্দৰ্ভতো বৈঠকত সকলোৱে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব।