আফগানিস্তানত বোমা বিস্ফোৰণ, ৮জন নিহত

96

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ ৰাজধানী কাবুলত গাড়ীত এক ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয়। এই বোমা বিস্ফোৰণত ৮ জন লোকৰ মৃত্য হোৱাৰ লগতে আহত হয় ৫ জন লোক। আহত সকলৰ মাজত সংসদৰ সদস্য খান মহম্মদ বাৰডাকো আছিল। তেওঁ স্বাস্থ্য বৰ্তমানেও সংকটজনক।

আফগানিস্তানৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিজ্ঞপ্তিত কাবুলৰ এখন ঠাইত দেওবাৰে সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰে। এই ঘটনাত শিশু, মহিলা আৰু বয়োজ্যেষ্ঠ মিলি ১৫ জন লোক আঘাট প্ৰাপ্ত হোৱাৰ লগতে বহুটো বাসগৃহও ক্ষতিগ্ৰস্ত হয়।

উল্লেখ্য যে দেশখনৰ কিছু দিনৰ পৰা অধিক হাৰত সন্ত্ৰাসবাদী ঘটনা বৃদ্ধি পাবলৈ ধৰিছে।