আফগানিস্তানত বোমা বিস্ফোৰণ, ৬ জনৰ মৃত্যু

76

ডিজিটেল ডেস্কঃ পুনৰ বিস্ফোৰণ কাণ্ড সংঘটিত হৈছে আফগানিস্তানত৷ দেশখনৰ বৃহৎ চহৰ কান্দাহাৰত গাড়ী বোমা বিস্ফোৰণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে৷ এই পৰ্যন্ত ৬ জন লোকৰ মৃত্যু হৈছে৷ তিনি শতাধিক লোক আহত হৈছে বিস্ফোৰণত৷

দেওবাৰে নিশা সংঘটিত হৈছে এই ঘটনা৷ কান্দাহাৰৰ মাইওয়ান্দ জিলাত এটা বেটেলিয়ান কেম্পক লক্ষ্য কৰি বিস্ফোৰণ সংঘটিত কৰে৷ জোৱানৰ লগতে সাধাৰণ নাগৰিক নিহত হৈছে বুলি জানিব পৰা গৈছে৷