আপোনাৰ পদূলিলৈও যাব ৰাহুল গান্ধী

420

ভাৰত জোড়ো যাত্ৰা’ৰ পিছত এইবাৰ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হ’ব। ১৮ জানুৱাৰীত মণিপুৰৰ পৰা নাগালেণ্ড হৈ অসমৰ আমগুৰিত প্ৰৱেশ কৰিব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই।
আমগুৰিৰ পৰা মৰিয়নি, যোৰহাট হৈ ১৯ জানুৱাৰীত মাজুলীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ এই যাত্ৰাই। ১৯ জানুৱাৰীত মাজুলীত দিনটো কটাই, ঢকুৱাখনা হৈ গোগামুখত ৰাতি থাকিব কংগ্ৰেছৰ যুৱৰাজৰ ৰাহুল গান্ধীয়ে।