আন্দোলনকাৰী কৃষকক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ…

73

ডিজিটেল ডেস্কঃ কৃষকৰ প্ৰতিবাদেৰে উত্তাল হৈ আছে দিল্লী সীমান্ত। কৃষি আইনৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই অহা কৃষকৰ আন্দোলন ক্ৰমাৎ দীঘলীয়া হৈ গৈ আছে। আন্দোলনে ইতিমধ্যে অতিক্ৰম কৰিছে বিশটা দিন। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে গুজৰাটৰ কচ্ছত কৃষক সকলক সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, দিল্লীৰ বহুকেইটা সীমাত সমবেত হোৱা কৃষকে সোমবাৰে অনশন কৰিছিল। চৰকাৰ আৰু কৃষকৰ মাজত বিভিন্ন পৰ্যায়ত আলোচনা অব্যাহত আছে যদিও নিজৰ স্থিতিত অটল আছে কৃষক সকল।

এনে সময়ত প্ৰধানমন্ত্ৰীয়ে কৃষক সকলক লগ কৰাৰ পিছতে আন্দোলনে কি ৰূপ লয় অথবা আন্দোলনৰ চৰিত্ৰ কেনে হয় সেয়াহে লক্ষণীয় হৈ পৰিছে।