ষ্টাফ ৰিপোৰ্টাৰ, ১ মে’: কভিডৰ বিৰুদ্ধে চলি থকা যুজঁখনত সহায়ৰ হাত আগবঢ়োৱাৰ অৰ্থে ৩০ এপ্ৰিলত লায়ন্স ক্লাৱৰ ৩২২ ডি জিলাৰ ডিষ্ট্ৰিক্ট গভৰ্ণৰ প্ৰবীণ আগৰৱাল , কেবিনেট চেক্ৰেটাৰী ডাঃপার্থসাৰথি ভূঞা, কেবিনেট ট্ৰেজাৰাৰ মালচন্দ আগৰৱাল, মুখ্য উপদেষ্টা যুগল কিশোৰ আগৰৱাল আৰু জনসম্পৰ্কৰক্ষী বিষয়া শুভম আগৰৱালাই স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত ১৩ লাখ টকাৰ চেক অৰ্পণ কৰে।
অসমৰ কেইবাটাও লাইনছ ক্লাৱৰ অনুদানেৰে অসম আৰোগ্য নিধিলৈ আঠ লাখ টকা আগবঢ়োৱা হয় আৰু ডিষ্ট্ৰিক্ট গভৰ্ণৰ প্ৰবীণ আগৰৱালাই জিলাৰ বছেৰেকীয়া বাজেটৰ পৰা পাঁচ লাখ টকা প্ৰধানমন্ত্ৰীৰ পি.এম. কেয়াৰ ফাণ্ডলৈ আগবঢ়াই। ডঃ হিমন্ত বিশ্ব শৰ্মাই লায়ন্স ক্লাবৰ এই অনুদানৰ বাবে কৃতজ্ঞতা জনাই আৰু লগতে বৰ্ত্তমানৰ এই কঠিন পৰিস্থিতিত অসমৰ বিভিন্ন প্ৰান্তত লায়ন্স ক্লাব সমূহে আৰ্ত জনক কৰি থকা সহায়ৰ শলাগ লয়।