আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ সংস্থা এমনেষ্টিয়ে ভাৰতত বন্ধ কৰিলে কাম-কাজ, চৰকাৰৰ বিৰুদ্ধে অভিযোগ…

98

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেশ্যনেলে ভাৰতত বন্ধ কৰিবলগা হ’ল কাম-কাজ। সংস্থাটোৰ অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰে দমনমূলক নীতিৰে পৰিচালিত কৰিব বিচাৰিছিল সংস্থাটো। দিল্লীৰ হিংসা আৰু জম্মু-কাশ্মীৰক লৈ মানৱাধিকাৰ সংস্থাটোৱে মাত মতাৰ পিছতে সংস্থাটোৰ ওপৰত চকু পৰিছিল কেন্দ্ৰীয় চৰকাৰৰ। যাৰ পৰিণতিত ইডিৰ লগতে অন্যান্য চৰকাৰী সংস্থাসমূহে মানৱাধিকাৰ সংস্থাটোৰ ওপৰত নিৰ্যাতন চলোৱা বুলিও অভিযোগ উত্থাপন কৰে সংস্থাটোৰ ভাৰতীয় শাখাৰ কাৰ্যবাহী সঞ্চালক অবিনাশ কুমাৰে।

অবিনাশ কুমাৰৰ মতে, যোৱা ১০ ছেপ্তেম্বৰত চৰকাৰে সংস্থাটোৰ সকলো বেংক একাউণ্ট বন্ধ কৰি দিয়াৰ ফলত সংস্থাটোৰ কাম-কাজ স্তব্ধ হৈ পৰে। আনহাতে সংস্থাটোত কৰ্মৰত বহু লোকক কামৰ পৰা উলিয়াই দিবলৈও বাধ্য হয় এমনেষ্টি। অবিনাশ কুমাৰৰ মতে, এই সংস্থাটোৱে সকলো আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় আইন পালন কৰি অহাৰ পাছতো কেৱল মাত্ৰ চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সকলোপ্ৰকাৰে হাৰাশাস্তিৰ সন্মুখীন হ’বলগা হৈছিল।

উল্লেখ্য যে, এমনেষ্টিয়ে লাভ কৰা অনুদান অবৈধ বুলি চৰকাৰে দাবী কৰিছিল। আনহাতে অবিনাশ কুমাৰে এই অভিযোগ খাৰিজ কৰি কয় যে যোৱা ৮ বছৰত ভাৰতৰ ৪ মিলিনয় লোক এই সংস্থাটোৰ সৈতে জড়িত হৈছে আৰু প্ৰায় ১ লাখ লোকে বিত্তীয় সাহায্য আগবঢ়াইছে। এই ধন সংগ্ৰহৰ সৈতে বিদেশী পুঁজি বিনিয়োগ আইন, ২০১০ৰ কোনো সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিয়ে অবিনাশ কুমাৰে।