আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক ছলমান ৰুছদীক হত্যাৰ চেষ্টা

94

বিশ্বৰ অন্যতম জনপ্ৰিয় লেখক ছলমান ৰুছদীক নিউয়ৰ্কত হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নিউয়ৰ্কৰ এক অনুষ্ঠানত ভাষণ দি থকাৰ সময়তে ছুৰীৰে আঘাত কৰা হয় বুকাৰ বিজয়ী ‘দ্য চেটানিক ভাৰ্চেছ’ৰ লেখকগৰাকীক। বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ছলমান ৰুছদীক। আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰীকো।

এছ’চিয়েটেড প্ৰেছৰ মতে, শুকুৰবাৰে নিউয়ৰ্কৰ চৌটাউকুৱা প্ৰতিষ্ঠানত ৰুছডিয়ে ভাষণ দিয়াৰ কথা আছিল। কিন্তু মঞ্চলৈ অহাৰ লগে লগে এজন মানুহ তেওঁৰ ফালে দৌৰি আহে। হঠাৎ হোৱা এই আক্ৰমণত সকলো স্তম্ভিত হৈ পৰে। অতি বেগেৰে ব্যক্তিজনে ৰুছদীক ছুৰীকাঘাত কৰে।

ইফালে, ঘটনাৰ পিছতে উপস্থিত নিৰাপত্তাৰক্ষীয়ে আটক কৰে আক্ৰমণকাৰীক। খবৰ অনুসৰি ৰুছদীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

এই আক্ৰমণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু এই আক্ৰমণ ৰুছদীক ‘ইছলামক অপমান কৰা’ৰ বাবে শাস্তি দিয়াৰ বাবে কৰা হৈছে বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে ২০১২ চনত ইৰাণৰ এটা ধৰ্মীয় সংগঠনে ৰুছদীৰ হত্যাকাৰীক পুৰস্কৃত কৰিবলৈ বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। কিন্তু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক গৰাকীয়ে কেতিয়াও এনে ভাবুকিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল।

মন কৰিবলগীয়া যে ছলমান ৰুছদীৰ বিখ্যাত উপন্যাস ‘দ্য চেটেনিক ভাৰ্চেছ’ ১৯৮৮ চনত প্ৰকাশ পাইছিল। তাৰ পিছত তেওঁ ইছলামিক মৌলবাদীসকলৰ ক্ৰোধৰ সন্মুখীন হয়। মৌলবাদীসকলে অভিযোগ কৰে যে ৰুছদীৰ এই কামে ইছলাম আৰু মহম্মদক অপমান কৰে। গ্ৰন্থখন প্ৰকাশৰ লগে লগে পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেইনীয়ে ৰুছদীক হত্যা কৰাৰ বাবে ফতোৱা জাৰি কৰে। তেওঁ ৰুছদীৰ হত্যাকাৰীক ৩০ লাখ মাৰ্কিন ডলাৰৰ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰে। কিন্তু ইৰাণৰ প্ৰশাসনে দাবী কৰিছে যে এই ফতোৱাৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই।