গুৱাহাটীঃ বৃহস্পতিবাৰে ছিনিয়ৰ, জুনিয়ৰ, য়ুথ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপ, ২০২৩ত ৫৯ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক অৰ্জন কৰে অসম কন্যা পপী হাজৰিকাই।
উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত চেম্পিয়নশ্বিপত পপীয়ে ছিনিয়ৰ শাখাত অংশগ্ৰহণ কৰে আৰু শীৰ্ষ স্থান লাভ কৰে।
তেওঁ স্নেচ (৮৪ কেজি) আৰু ক্লিন এণ্ড জাৰ্ক (১০৫কেজি) তুলিছিল। তাচখন্দত অনুষ্ঠিত ২০২১ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা ২৪ বছৰীয়া যুৱতীগৰাকীয়ে মুঠ ১৮৯ কিলোগ্ৰাম উত্তোলন কৰাৰ পিছত পদকৰ ৰং সোণলৈ উন্নীত কৰে।
পপী হাজাৰিকাই মাল্টাৰ টেনিচিয়া থৰ্ণটনক পৰাস্ত কৰি স্বৰ্ণজয় কৰিবলৈ সক্ষম হয়।
ছিনিয়ৰ মহিলাৰ ৫৯ কিলোগ্ৰাম শাখাত মুঠ ছয়জন উত্তোলকে প্ৰতিদ্বন্দিতা কৰিছিল।
উত্তৰ প্ৰদেশৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া আৰু চৰকাৰৰ অধীনত ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনে ১২ ৰ পৰা ১৬ জুলাইলৈ উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয় গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত ২০২৩ কমনৱেলথ ছিনিয়ৰ, জুনিয়ৰ আৰু যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপ আয়োজন কৰিছিল।
অনুষ্ঠানটোৱে ভাৰতীয় ভাৰোত্তোলকৰ সৈতে উন্মোচন আৰু ভাৰতত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নতুন স্থানৰ পৰিচয় দিব।