আনুষ্ঠানিকতা ৰক্ষা কৰি এদিনীয়া কাৰ্য্যসূচীৰে মৰাণত ‘আটাছু’ৰ কেন্দ্ৰীয় বহাগী সন্মিলন

96

ৰাজু মিশ্ৰ, মৰাণঃ কোভিডৰ ভয়াবহতাই ৰঙালীৰ আনন্দৰ কাঢ়ি নিলে প্ৰতিজন অসমীয়াৰ পৰা। কোভিডৰ বাবে দ্বিতীয় বাৰৰ বাবে ডিব্ৰুগড়, চৰাইদেউৰ লগতে ৰাজ্যৰ বহু কেইখন জিলাত বিহু অনুষ্ঠান বাতিল কৰা হৈছে। আজি মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে দশম বাৰ্ষিক কেন্দ্ৰীয় বহাগী সন্মিলনখন অনুষ্ঠিত কৰিছে।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰাণবাসীৰ ৰাইজৰ সহযোগত ২৩ আৰু ২৪ এপ্ৰিল অৰ্থাৎ আজি আৰু কাইলৈ দুদিনীয়াকৈ মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দশম বাৰ্ষিক কেন্দ্ৰীয় বহাগী সন্মিলনখন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছিল যদিও আজি কেৱল কোভিড-১৯ৰ ভয়াৱহতাৰ বাবে এদিনীয়াকৈ অতি অনুষ্টুপীয়াকৈ আয়োজন কৰিলে দশম বাৰ্ষিক কেন্দ্ৰীয় বহাগী সন্মিলনখন।

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পন কৰাৰ পাছতে দুদিন পূৰ্বে মৃত্যু হোৱা মৰাণৰ জ্যেষ্ঠ সাংবাদিক যদু চুতীয়াক শ্ৰদ্ধাঞ্জলি জানোৱা হয়। ইয়াৰ পাছতে আনুষ্ঠানিকতা ৰক্ষা কৰি জেং বিহু আৰু হুঁচৰি প্ৰদৰ্শন কৰা হয়। বিহু সন্মিলনীৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ অসীমাভ দত্তই। সন্মিলনী স্থলীতে সূৰ্য্য বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেইবাজনো কেন্দ্ৰীয় নেতাৰ লগতে মৰাণৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ লয়।