আনলক ৩.০

92

ষ্টাফৰিপৰ্টাৰ, পুনৰ আনলক ৩.০। ২ আগষ্টৰ সন্ধ্যা ৭ বজাৰ পৰা ১৪ আগষ্টৰ সন্ধিয়া ৭ বজালৈকে আনলক ৩.০। পূৰ্বৰ নিৰ্দেশনা মতেই সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে পথৰ একাষে খুলিব পাৰিব দোকান।
তৃতীয় পৰ্যায়ৰ আনলকত মল আৰু জিম সোমবাৰৰ পৰা শুকুৰবাৰলৈকে কামৰূপ মহানৰ জিলাত পথৰ একাষে আৰু আন জিলাসমূহত পথৰ দুয়োকাষে খুলিব পাৰিব।
সামাজিক ব্যৱধান ৰক্ষা কৰি সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খুলিব পাৰিব ৰেষ্টুৰেন্টসমূহ।
কোভিড-১৯ ৰ সকলোবোৰ সাৱধানতা বৰ্তাই ৰাখি হোটেল সমূহ খুলিব পাৰিব।
আন্তঃজিলা যাতায়ত ব্যৱস্থা সপ্তাহৰ কেৱল সোমবাৰ আৰু মংগলবাৰেহে খোলা থাকিব। সপ্তাহৰ বাকী দিন কেইটাৰ বাবে কোনোধৰণৰ সুকীয়া পাছৰ ব্যৱস্থা নাথাকিব।
সকলো ধৰণৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ কাৰ্যালয় বেংক, কোম্পানী আদিত এশ শতাংশ কৰ্মচাৰীৰে কাম কাজ চলাব পাৰিব। গৰ্ভৱতী মহিলাই এই ক্ষেত্ৰত ৰেহাই পাব। কৰ্মাচাৰীসকলৰ বাবে বাছ সেৱা নিৰ্দিষ্ট স্থানত যোগান ধৰা হ’ব।
মুকলি ঠাইত সামাজিক দূৰত্ব বৰ্তাই ৰাখি খেলা খেল অনুষ্ঠিত কৰিব পাৰিব।
চিনেমা হল, ছুইমিং পুল, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ, পাৰ্ক আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব।
সামাজিক, ৰাজনৈতিক, বিনোদন, একাডেমিক, ধৰ্মীয় সভা আদি অনুষ্ঠিত কৰিব নোৱাৰিব।
সন্ধ্যা ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন বাহাল থাকিব।
শনিবাৰ আৰু দেওবাৰে সকলোবোৰ বন্ধ থাকিব।
৬৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি আৰু ১০ বছৰৰ তলৰ শিশুক ঘৰতে থকাৰ পৰামৰ্শ ।
সামাজিক স্থান আৰু কৰ্মক্ষেত্ৰতত মাস্ক পৰিধান কৰাটো অত্যন্ত বাধ্যতামূলক। মাস্ক পৰিধান নকৰিলে ১০০০ টকাৰ জৰিমনা বিহাৰ কথা ঘোষণা কৰা হৈছে।