আনক হঁহুৱাই নিজে চিৰ বিদায় ল’লে ৰাজু শ্ৰীবাস্তৱে…

83

দেশৰ বিখ্যাত তথা জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ শেষ নিশ্বাস ত্যাগ। ৪২ দিন ধৰি দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি হৈ থকা ৫৮ বছৰীয়া ৰাজু শ্ৰীবাস্তৱে ২১ ছেপ্টেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। ১০ আগষ্টৰ পুৱাৰ ভাগত ট্ৰেডমিলত দৌৰি থাকোঁতে হাৰ্ট এটেক হৈছিল। তেতিয়াৰ পৰা তেওঁ এইমছত ভেন্টিলেটৰত জীৱন-মৃত্যুৰ বাবে যুঁজি আছিল। প্ৰথম দিনাৰ পৰাই ৰাজু অচেতন হৈ পৰিছিল। তেওঁৰ শৰীৰে কোনো সঁহাৰি দিয়া নাছিল। যদিও দুদিন পিছত তেওঁৰ অৱস্থা কিছু উন্নত হয়, কিন্তু পিছত চিকিৎসকে পৰিয়ালটোক উত্তৰ দিয়ে।

ৰাজু শ্ৰীবাস্তৱক বচাবলৈ আৰু চেতনালৈ অনাৰ বাবে চিকিৎসকে যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও অক্সিজেন তেওঁৰ মগজুত উপনীত হোৱা নাছিল। তেওঁ অনবৰতে অচেতন হৈ আছিল। ক’মাৰ দৰে লাগিছিল। ৰাজু শ্ৰীবাস্তৱৰ হৃদপিণ্ডৰো কাম বন্ধ হৈ গ’ল। সকলো উদ্যোগৰ লোক আৰু কোটি কোটি অনুৰাগীয়ে ৰাজু শ্ৰীবাস্তৱৰ উন্নতিৰ বাবে অবিৰতভাৱে প্ৰাৰ্থনা কৰি আছিল, কিন্তু হায়, সকলোকে হাঁহিবলৈ বাধ্য কৰা গজোধৰ ভৈয়াই চকুলোৰ বন্যা বোৱাই নিজেই আঁতৰি যায়।

চিকিৎসকে ৰাজু শ্ৰীবাস্তৱক ব্ৰেইন ডেড ঘোষণা কৰি কয় যে তেওঁৰ হৃদপিণ্ডও সঠিকভাৱে কাম কৰা নাই। প্ৰতিবেদন অনুসৰি, শ্ৰীবাস্তৱৰ মূৰৰ ওপৰৰ অংশত অক্সিজেন পোৱা নাছিল ৰাজুৱে। ৰাজু শ্ৰীবাস্তৱৰ শৰীৰৰ তলৰ অংশই কাম কৰি আছিল আৰু সেয়েহে তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰখা হৈছিল। তেওঁক অক্সিজেন চাপৰ্টো দিয়া হৈছিল। কিন্তু কোনো লাভ নহ’ল।

১০ আগষ্টত হাৰ্ট এটেকত আক্ৰান্ত হৈ যেতিয়া ৰাজু শ্ৰীবাস্তৱক এইমছলৈ অনা হৈছিল তেতিয়া তেওঁৰ অৱস্থা সংকটজনক আছিল। কোৱা হৈছে যে চি পি আৰৰ সহায়ত তেওঁক কেনেবাকৈ জ্ঞানলৈ অনা হৈছিল। ইয়াৰ পিছতে ৰাজু শ্ৰীবাস্তৱৰ এঞ্জিওপ্লাষ্টি কৰা হয় আৰু তেওঁৰ ধমনীত ২টা ষ্টেণ্টো লগাই দিয়া হয়। কিন্তু তাৰ পিছতো ৰাজুৰ স্বাস্থ্যৰ উন্নতি নহ’ল আৰু তেওঁ অচেতন হৈ থাকিল। ইয়াৰ পিছত তেওঁক ভেণ্টিলেটৰত লৈ যোৱা হয়।

ইয়াৰ পূৰ্বে ৰাজুৰ অৱস্থা সন্দৰ্ভত তেওঁৰ কন্যাই কৈছিল যে পিতৃৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই। ভেন্টিলেটৰত থকাৰ সময়ত ৰাজুৰ শৰীৰে ঔষধ আৰু চিকিৎসাৰ প্ৰতি সঁহাৰি দিয়া নাছিল। ইয়াৰ পিছতে ৰাজুৰ খুলশালীয়েক অশোক শ্ৰীবাস্তৱে জনায় যে ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে। তেওঁ কৈছিল, ‘ডাক্তৰ সকলে নিজৰ কাম কৰিলে। এঞ্জিওপ্লাষ্টি কৰিছে। তেওঁৰ চিকিৎসা অবিৰতভাৱে চলি আছে।’ একে সময়তে ৰাজু শ্ৰীবাস্তৱৰ বিজনেছ মেনেজাৰে এএনআইক জনায় যে কমেডিয়ানজনৰ শৰীৰত গতিশীলতা আছে। তেওঁৰ উন্নতি দেখা গৈছে, কিন্তু তেওঁ এতিয়াও ভেন্টিলেটৰত আই চি ইউত আছে।

ৰাজু শ্ৰীবাস্তৱৰ কেৰিয়াৰৰ কথা ক’বলৈ গ’লে কানপুৰত জন্মগ্ৰহণ কৰা এই কমেডিয়ানগৰাকী তেওঁৰ কমেডীৰ বাবেই সমগ্ৰ বিশ্বতে বিখ্যাত। চলচ্চিত্ৰত ৰাজুৱে আত্মপ্ৰকাশ কৰিছিল ছলমান খানৰ “মেইন প্যাৰ কিয়া” নামৰ ছবিখনেৰে। ইয়াৰ পিছতে তেওঁ ‘বাজিগৰ’, ‘আমদানী আথানি খাৰখা ৰূপৈয়া’, ‘ৱাহ তেৰা ক্যা কেহনা’, ‘মেইন প্ৰেম কি দীৱানী হুন’, ‘বম্বে টু গোৱা’, ‘টয়লেট এক প্ৰেম কাহিনী’ আদি ছবিত কাম কৰিছিল।