আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ সুলভ মূল্য দোকানীৰ

308

দক্ষিণ গৰুৱাঝাৰত ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাৰ বাবদ ধন দাবী এজেন্টৰ।হিতাধিকাৰী পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নামত ৩০০ টকাকৈ নিদিলে কাৰ্ড বিকল বা নিস্ক্ৰিয় কৰাৰ ধমক কণ্টেইল দোকানীৰ।সমবায় এজেন্টৰ বিৰুদ্ধে হিতাধিকাৰী ৰাইজৰ উত্তাল প্ৰতিবাদ।
চৰকাৰী আঁচনিৰ সুফল প্ৰকৃত হিতাধিকাৰীক প্ৰদানৰ লক্ষ্যৰে নিত্য নতুন নতুন সংশোধন কৰি আহিছে ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগেও প্ৰকৃত হিতাধিকাৰীক খাদ্য-সামগ্ৰী যোগানৰ বাবে ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে ৷ এই নিৰ্দেশ মানি বহু সমবায় এজেণ্টে নিষ্ঠা আৰু সততাৰে ৰেচন কাৰ্ডত উল্লেখিত সদস্যৰ আধাৰ কাৰ্ড সংগ্ৰহ কৰি সংলগ্ন কৰাৰ ব্যৱস্থা কৰিছে যদিও আন একাংশ সমবায়ৰ এজেণ্টে এই নিৰ্দেশৰ অচিলা লৈ নিয়ম বহিৰ্ভূতভাৱে হিতাধিকাৰীৰ পৰা প্ৰতিখন আধাৰ কাৰ্ড সংলগ্ন কৰনৰ বাবদ তিনিশ টকাকৈ সংগ্ৰহ কৰি চৰকাৰৰ নিকা ভাৱমূৰ্ত্তিক কালিমা সানিছে ৷ওদালগুৰি জিলা ডিমাকুছি চেখাৰ সমবায়ৰ অন্তৰ্গত দক্ষিণ গৰুৱাঝাৰত থকা সমবায়ৰ এজেণ্ট ৰাজেন্দ্ৰ দাসে প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে সংলগ্ন কৰাৰ বাবদ বিগত প্ৰায় দুমাহ মানৰ পৰা তিনিশ টকাকৈ দাবী কৰিঅহাৰ অভিযোগ উত্থাপিত হৈছে ৷
৩৮০ গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী থকা দক্ষিণ গৰুৱাঝাৰৰ হিতাধিকাৰী ৰাইজে সমবায় এজেণ্টৰ দোকানৰ সমূখত সমবেত হৈ এই অন্যায়ৰ প্ৰতিবাদ জনায় ৷
এই সন্দৰ্ভত ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন সম্পূৰ্ণ বিনামূলীয়া বুলি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কৰ্তৃত্বশীল বিষয়াই হিতাধিকাৰী ৰাইজক জানিবলৈ দিয়াত ৰাইজে আজি সমবেত হৈ বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি অনিয়মৰ আশ্ৰয় লোৱা সমবায় এজেণ্ট ৰাজেন্দ্ৰ দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ ওচৰত দাবী জনায় ৷