আদেংগিৰী মাধৱদেৱ নগৰ ৰাজহুৱা নামঘৰৰ এমহীয়া কাতি বিহুৰ সামৰণি

68

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ মালিগাঁওৰ কাষৰীয়া আদেংগিৰী মাধৱদেৱ নগৰ ৰাজহুৱা নামঘৰৰ উদ্যোগত কাতি মাহ উপলক্ষে সমগ্ৰ মাহজুৰি পৱিত্ৰ গীতা পাঠৰ আয়োজন কৰা হয় । যত দৈনিক আদেংগিৰী মাধৱদেৱ নগৰৰ উপৰিও কাষৰীয়া অঞ্চলৰ পুৰুষ-মহিলা নিৰ্বিশেষে বহু ভক্তপ্ৰাণ লোকৰ সমাগম হয় । আনহাতে এমহীয়া কাতি বিহুৰ গীতাপাঠৰ সামৰণি উপলক্ষে ২২ নৱেম্বৰৰ সন্ধিয়া নামঘৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত হয় ।

নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কুশল চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সম্পাদক নয়ন ডেকাই । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এমহীয়া কাতি বিহুৰ গীতাপাঠৰ দৰে আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰা বাবে আয়োজক সকলৰ শলাগ লয় ।

সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে ভাষণত এনে ধৰণৰ পৱিত্ৰ গীতাপাঠৰ দ্বাৰা অপায় অমংগল দূৰ হৈ সকলোৰে মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এখন সমাজ প্ৰতিষ্ঠা হব বুলি আশা ব্যক্ত কৰে ।সভাত সন্মানীয় অতিথি হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰীয় প্ৰচাৰক কূটলেশ কুলকাৰণী , সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উলাৰ্জী কুলকাৰণী , গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ জনসম্পৰ্কৰক্ষী বিষয়া সনাতন দাস , শিল্পী এছ কে শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।