আত্মীয় কিশোৰীক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ধুবুৰীৰ অতুল বিশ্বাসক…

107

নিজৰ আত্মীয় এগৰাকী নাবালিকাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে ধুবুৰী জিলাৰ অতুল বিশ্বাস নামৰ এজন ধৰ্ষণকাৰীক।

২০২১ চনৰ আগষ্ট মাহত এগৰাকী ১১ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল।

এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰি ধুবুৰীৰ জিলা আদালতে ধৃত অতুল বিশ্বাসক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১ লাখ টকাৰ জৰিমণা বিহে।