আত্মহত্যাৰ পূৰ্বে মাজনিশা সুশান্ত সিং ৰাজপুতৰ কথা হৈছিল ভণীয়েকৰ লগত….

83

মুম্বাইঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সৈতে জৰিত সকলো সাঁথৰ যেন এতিয়া সমাধান হ’বলৈ ধৰিছে। তেওঁৰ ফোনৰ পৰা অন্তিম কল ৰেকৰ্ডৰ তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে দেওবাৰে আত্মহত্যা কৰাৰ পূৰ্বে শনিবাৰে মাজনিশা এজন অভিনেতাক ফোন কৰিছিল। কিন্তু মাজনিশা হোৱাৰ কাৰণে অভিনেতাজনে তেওঁৰ ফোন উঠোৱা নাছিল। সেইকাৰণে অন্তিম সময়ত তেওঁ প্ৰকৃততে কি ক’বলৈ বিচাৰিছিল সেয়া সন্মুখলৈ নাহিল।

আত্মহত্যা কৰাৰ দিনটোতো তেওঁ নিজৰ ভনীয়েকক ফোন কৰিছিল। অন্তিমবাৰ তেওঁ নিজৰ ভগ্নীৰ সৈতে কথা পাতিছিল। ভগ্নী ইতিমধ্যে মুম্বাই আৰক্ষীৰ সৈতে যোগাযোগত আছে। ইয়াৰ এদিন পূৰ্বে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীও তেওঁৰ সৈতে আছিল। কিন্তু মৃত্যুৰ এদিন পূৰ্বে তেওঁক ঘৰলৈ পঠিয়াই দিছিল সুশান্ত সিং ৰাজপুতে। দেওবাৰে নিজৰ সকলো বন্ধু–বান্ধৱক ইফালে সিফালে পঠিয়াই দিছিল তেওঁ। ডালিমৰ ৰস খাই নিজৰ কোঠাত সোমাইছিল তেওঁ।

আৰক্ষীৰ মতে, সুশান্ত সিঙে নিজৰ কোঠাত থকা এখন সেউজীয়া কাপোৰেৰে চিপ লৈছিল। বেডৰুমৰ ফেনত তাৰ পিছত উলমি দিয়ে। দেওবাৰে একেবাৰে পুৱাই তেওঁ উঠিছিল আৰু প্ৰায় ৯.৩০বজাৰ আশে পাশে ডালিমৰ ৰস খাই নিজৰ কোঠালৈ গুচি গৈছিল। লকডাউনৰ পিছৰে পৰা ৰাজপুতৰ ক্ৰিয়েটিভ মেনেজাৰ আৰু মেনেজাৰ ৰাজপুতৰ সৈতে একেটা এপাৰ্টমেণ্টত থাকিবলৈ লৈছিল।

দিনৰ প্ৰায় চাৰে এঘাৰ বজাত ৰান্ধনিয়ে দুৱাৰত টোকৰ দিয়ে যাতে দুপৰীয়া তেওঁ কি খাব সেয়া সুধিব পাৰে, কিন্তু দুৱাৰ খোল নাখালে। সকলোৱে ভাবিলে যে হয়তো তেওঁ শুই গ’ল। কিন্তু যেতিয়া ১টা বজালৈকে দুৱাৰ খোলা নগ’ল তেতিয়া ঘৰত থকা ৰান্ধনি, ক্ৰিয়েটিভ মেনেজাৰ, মেনেজাৰ সকলোৱে জোৰেৰে দুৱাৰত টোকৰ দিবলৈ ধৰে। পৰৱৰ্তী সময়ত গৰেগাঁৱত থকা সুশান্ত সিং ৰাজপুতৰ ভনীয়েককো ফোন কৰিলে তেওঁলোকে। চাবিৰ সহায়ত দুৱাৰ খোলাৰ পিছত সুশান্তৰ মৃতদেহ ফেনত উলমি থকা অৱস্থাত পোৱা হয়।