আজি ৰাষ্ট্ৰীয় কৃষি দিৱস

8

আজি সমগ্ৰ দেশে পালন কৰিছে ৰাষ্ট্ৰীয় কৃষি দিৱস। প্ৰতি বছৰে ২৩ ডিচেম্বৰৰ দিনটো দেশত কৃষি দিৱস হিচাপে পালন কৰি অহা হৈছে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, কৃষক নেতা তথা ভাৰত ৰত্না চৌধুৰী চৰণ সিঙৰ জন্মবাৰ্ষিকী উপলক্ষে এই দিনটোত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয়।এই দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হয় য’ত কৃষি বিজ্ঞানীৰ অৱদান, কৃষকৰ সমস্যা, নতুন কৃষিজাত পদ্ধতি, নতুন প্ৰযুক্তি আদিকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। মাত্ৰ কেইটামান মাহৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা চৌধুৰী চৰণ সিঙে কৃষি ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দেশৰ প্ৰখ্যাত কৃষক নেতাৰ ভিতৰত তেওঁৱো আছিল এজন। কৃষি ক্ষেত্ৰৰ প্ৰতি থকা তেওঁৰ অৱদানৰ বাবে ২০০১ চনত ভাৰত চৰকাৰে ২৩ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে এই দিনটোত ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে পালন কৰা হয়।