আজি ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ…

81

 ৩৯ টা সমষ্টিৰ ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩ লাখ ৪৪ হাজাৰ ৬৩১ জন ভোটাৰে। ৩৯ টা সমষ্টিত ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব এভিএমত।

দ্বিতীয় পৰ্যায়ত বৰাকৰ তিনিখন জিলাৰ ১৫টা সমষ্টিৰ লগতে ডিমা হাচাওৰ ১ টা, পশ্চিম কাৰ্বি আংলঙৰ ১ টা, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, হোজাই, ওদালগুৰিৰ ৩ টাকৈ সমষ্টিৰ উপৰিও দৰঙৰ ৪ টা, কামৰূপৰ ২ টা আৰু নলবাৰী জিলাৰ এটা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৪৫ জন প্ৰাৰ্থীয়ে। ইয়াৰ ভিতৰত
হেভীৱেইট প্ৰাৰ্থী আছে জাগীৰোডত পীযূষ হাজৰিকা, যমুনামুখত ছিৰাউদ্দিন আজমল,
ধলাইত পৰিমল শুক্লবৈদ্য, কাটিগড়াত গৌতম ৰয়, ৰঙিয়াত ভৱেশ কলিতা,
ডিফুত ছুম ৰংহাং, ওদালগুৰিত ৰিহণ দৈমাৰী, আৰু কৰিমগঞ্জ দক্ষিণ সমষ্টিত ছিদ্দিক আহমেদ। এই ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩ লাখ ৪৪ হাজাৰ ৬৩১ জন ভোটাৰে।

দ্বিতীয় পৰ্যায়ৰ ৩৯ টা সমষ্টিৰ ভিতৰত ২৩ টা সমষ্টি আছে বিজেপিৰ দখলত।
অগপৰ দখলত আছে ২টা সমষ্টি, কংগ্ৰেছৰ ৫ টা সমষ্টি, AIUDF ৰ ৫ টা সমষ্টি থকাৰ বিপৰীতে BPF ৰ হাতত আছে ৪ টা সমষ্টি ।