আজি ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ বিশ্বাস আৰু ভালপোৱাৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাকো ৰাখী পিন্ধায় ৰাজ্যৰ কেইবাটাও মহিলা সংগঠনৰ সদস্য-কৰ্মী সকলে।
মহানগৰীৰ মন্ত্ৰী কলনীৰ পাৰ্কত আজি মুখ্যমন্ত্ৰীগৰাকীক ৰাখী পিন্ধায় ৰাষ্ট্ৰীয় সেৱিকা কমিটী, লায়ন্স ক্লাৱ, মাৰোৱাৰী সন্নিলন, বিজেপি মহিলা মৰ্চা, কল্যাণ আশ্ৰম, ব্ৰহ্ম কুমাৰী, মাৰোৱাৰী সমাজ গ্ৰুপ, সৃষ্টি চিলৰেণ্ডৰ মহিলা আৰু যুৱতীসকলে।
ইফালে প্ৰতি গৰাকী ৰাখী পিন্ধোৱা ভগ্নীলৈ একোখন শ্ৰীকৃষ্ণৰ গীতা উপহাৰ দিয়ে মুখ্যমন্ত্ৰীয়ে। তাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ভাতৃ হিচাপে তেওঁ লাভ কৰা এই মৰম আৰু আশীৰ্বাদেৰেই তেওঁ অসমৰ হৈ ন উদ্যমেৰে কাম কৰি যাব।