আজি হাজাৰ হাজাৰ কৃষকে কঁপাইছে দিল্লী

34

হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে আজি দেশৰ ৰাজধানীত গঢ়ি তুলিব ব্যাপক আন্দোলন। দীৰ্ঘদিনে কৰি অহা কেইবাটাও দাবী পূৰণ নকৰাৰ অভিযোগত আজি দিল্লীৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদী কৃষকসকলে।আজি নয়দাৰ মহামায়া উৰণীয়া সেতুৰ পৰা হাজাৰ হাজাৰ কৃষকে এই আন্দোনল কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে দিল্লীলৈ যাত্ৰা কৰিব। ইতিমধ্যে চাৰিদিন ধৰি যমুনা কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ সন্মুখত কৃষকসকলে ধৰ্মঘট কৰি আহিছিল।কৃষকৰ ক্ষতিপূৰণ, ভূমি অধিগ্ৰহণ আইনৰ সুবিধা আদি এই আন্দোলনৰ মূল উদ্দেশ্য। প্ৰতিবাদী কৃষকসকলৰ অভিযোগ, গৌতম বুদ্ধ নগৰৰ কৃষকসকলক গোৰখপুৰ ঘাইপথ প্ৰকল্পৰ দৰে চাৰিগুণ ক্ষতিপূৰণ দিয়া হোৱা নাই।দিল্লী অভিমুখে পদযাত্ৰা কৰাৰ সমান্তৰালকৈ কেৰালা, উত্তৰাখণ্ড আৰু তামিলনাডুৰ কৃষকসকলেও নিজ নিজ ৰাজ্যৰ বিধানসভাৰ দিশে পদযাত্ৰা কৰিব। ঋণ ৰেহাই, পেঞ্চন, বিদ্যুতৰ মাচুল হ্ৰাস, আৰক্ষীৰ গোচৰ প্ৰত্যাহাৰৰ দৰে দাবীৰে কৃষকসকলে প্ৰতিবাদ কৰিব। লগতে লখিমপুৰ খেৰীৰ হিংসাৰ বলি হোৱা লোকসকলক ন্যায় প্ৰদান আৰু ২০২০-২১ৰ কৃষক আন্দোলনত নিহত কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে কৃষকসকলে।