আজি স্বদেশলৈ উভতিব টকিঅ’ অলিম্পিকত পদক বিজয়ী মীৰাবাঈ চানু

73

ডিজিটেল ডেস্কঃ আজি স্বদেশলৈ উভতিব উত্তৰ-পূবৰ গৌৰৱ মীৰাবাই চানু। টকিঅ’ অলিম্পিকত পদক লাভৰ পিছত আজি স্বদেশত উপস্থিত হব ক্ৰীড়াবিদ গৰাকী।

উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ভাৰত্তোলনৰ ৪৯ কেজি শাখাত অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মণিপুৰৰ জীয়াৰী মীৰাবাঈ চানুৱে। ভাৰতক প্ৰথমটো বিজয়ৰ সোৱাদ প্ৰদান কৰা ক্ৰীড়াবিদ গৰাকী স্বদেশলৈ উভতাৰ খবৰে দেশজুৰি আনন্দৰ বন্যা নমাইছে। মণিপুৰ চৰকাৰে ইতিমধ্যে পদক বিজয়ী ক্ৰীড়াবিদ গৰাকীক ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।