গুৱাহাটীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। কোনো ট্ৰেভেল হিষ্ট্রী নথকা বহু লোকৰ দেহত কোভিড–১৯ পজিটিভ ধৰাৰ পিছত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে। গুৱাহাটীত বৰ্তমানলৈকে প্ৰায় ১৮১টা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে, ইয়াৰ ভিতৰত ১৪৫টা বৰ্তমান সক্ৰিয় হৈ আছে৷এই ভাইৰাছৰ অধিক সংক্ৰমণৰ আশংকাত গুৱাহাটীৰ কেইবাটাও ৱাৰ্ডত আজি সন্ধিয়া ৬ বজাৰ পৰা লকডাউন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে। লকডাউন ঘোষণাৰ পূৰ্ণ সম্ভাৱনা থকা ৱাৰ্ডকেইটা হ’ল গুৱাহাটী পৌৰ নিগমৰ অধীনৰ ২নং ৱাৰ্ড, ৩নং ৱাৰ্ড, ৪নং ৱাৰ্ড, ৬নং ৱাৰ্ড, ১০নং ৱাৰ্ড, ১৫ নং ৱাৰ্ড আৰু ১৬ নং ৱাৰ্ড।উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীয়েই নহয়, ৰাজ্যৰ আন জিলাতো ভয়ংকৰ ৰূপ লৈছে কোভিড–১৯ মহামাৰীয়ে। বৰ্তমানলৈ ৫৮৫৩জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ইয়াৰ ভিতৰত চিকিৎসাধীন হৈ আছে ২২৭৬জন। ৩৫৬৫জন লোক সুস্থ হৈ হাস্পতালৰ পৰা ওভতাৰ বিপৰীতে মৃত্যু হৈছে ৯জনৰ। সোমবাৰৰ দিনটোত ২৬৭জন লোক আক্ৰান্ত হয় কোভিড–১৯ত।
Latest article
১২ এপ্ৰিলত পঞ্জাৱ কিংছৰে মুখামুখি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ
প্ৰথমখন খেলত সুন্দৰ প্ৰদৰ্শনৰ পিছত জয় অৰ্জন কৰিবলৈ সংগ্ৰাম কৰি থকা ছানৰাইজাৰ্ছ হায়দৰাবাদে শনিবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলখনত পঞ্জাৱ কিংছৰ...
বন বিভাগৰ সফল অভিযান
ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ চালান বিহিন বালি ভৰ্তি দুখন টেক্টৰ জব্দ কৰে। ওদালগুৰি জিলা বন বিভাগৰ ডি এফ অ মোস্তাফা আলি...
এক আজৱ ঘটনা
পৰম্পৰা তথা প্ৰথাৰ নামত একাংশ লোকে জঘন্য কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। এনে এক প্ৰথা পাকিস্তানত প্ৰচলিত আছে। যাৰ অধীনত ৪ বছৰীয়া শিশুক ৬০ বছৰীয়া...