আজি শিল্পী দিৱস…

129

আজি শিল্পী দিৱস। ৰাজ্যজুৰি আজি পালন হৈছে শিল্পী দিৱস। ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম আৰু সাধনাৰ থলী ঐতিহ্যমণ্ডিত তেজপুৰ শিল্পী গৰাকীৰ কালজয়ী গীত-মাত আৰু কবিতাৰে মুখৰিত হৈ পৰে।

সেই অনুসৰি পুৱাতেই তেজপুৰ চহৰৰ কমলানগৰস্থিত সমাধিস্থলীত উপস্থিত হৈ বিভিন্ন দল-সংগঠন, শিল্পী, সাহিত্যিক আৰু ৰাইজে কোভিড প্ৰট’কল মানি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আনহাতেদি জ্যোতি ভাৰতীতো শিল্পী দিৱসৰ উদযাপন কৰা হয়।