আজি লাচিত দিৱস, ৰাজ্যজুৰি কিংবদন্তি আহোম সেনাপতিগৰাকীক স্মৰণ

153

আজি বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী। এই বিশেষ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত ব্ৰহ্মপুত্ৰৰ পাৰত মোগল সেনাক পৰাস্ত কৰা অসমৰ বীৰ সেনাপতিগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “লাচিত দিৱস উপলক্ষে মহান আহোম সেনাপতি লাচিত বৰফুকনক মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এজন শক্তিশালী নেতা আৰু সাহসিকতাৰ প্ৰতীক, বীৰ লাচিত বৰফুকনৰ বীৰত্বই প্ৰজন্মক তেওঁলোকৰ মাতৃভূমিৰ গৌৰৱ আৰু সাৰ্বভৌমত্বৰ বাবে যুঁজিবলৈ অনুপ্ৰাণিত কৰি থাকিব।”

তদুপৰি, কিংবদন্তি যোদ্ধাগৰাকীৰ স্মৰণত ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

গুৱাহাটীত, এই উপলক্ষে হিন্দু জগৰণ মঞ্চই চান্দমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈ এখন বাইক ৰেলীৰ আয়োজন কৰিছে। লাচিত সংঘৰ সৈতে অসম জাতীয় পৰিষদে (এজেপি) গুৱাহাটীৰ উলুবাৰী অঞ্চলৰ ছানিৰাম বৰা পথাৰত অনুষ্ঠানটো পালন কৰিব। কাৰ্যসূচীটো উদ্বোধন কৰিব এজেপিৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে।

দেৰগাঁৱত, এই উপলক্ষে এক মাৰাথনৰ আয়োজন কৰা হৈছে।

তদুপৰি, লখিমপুৰৰ বীৰ লাচিত সেনা গোটে মহান বীৰ গৰাকীৰ স্মৃতিত ২ দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে।

১৬৭১ চনত শৰাইঘাটৰ যুদ্ধৰ সময়ত কিংবদন্তি আহোম সেনাপতিয়ে তেওঁৰ সৈন্যবাহিনীক নেতৃত্ব দিয়ে আৰু শক্তিশালী মোগল বাহিনীক পৰাস্ত কৰে আৰু সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰে। ৰাম সিঙৰ অধীনত মোগল সেনাত ৩০,০০০ পদাতিক বাহিনী, ১৫,০০০ ধনুৰ্ধৰ, ১৮,০০০ তুৰ্কী কেভেলৰী, ৫,০০০ গানাৰ আৰু ১০০০ তকৈও অধিক কামান আছিল আৰু লগতে নাওৰ এটা ডাঙৰ ফ্লোটিলা আছিল।

যুদ্ধৰ প্ৰথম পৰ্যায়ত তেওঁলোকে আহোম সেনাৰ বিৰুদ্ধে কোনো ধৰণৰ অগ্ৰগতি লাভ কৰাত ব্যৰ্থ হৈছিল। লাচিত বৰফুকন বিজয়ী হৈছিল আৰু মোগলসকল গুৱাহাটীৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল।

প্ৰতি বছৰে ২৪ নৱেম্বৰত, কিংবদন্তি আহোম সেনাপতিগৰাকীক স্মৰণ কৰিবলৈ সমগ্ৰ অসমত লাচিত দিৱস পালন কৰা হয়।