আজি মুখ্যমন্ত্ৰীৰূপে শপত লব ড০ হিমন্ত বিশ্ব শৰ্মাই, কোন কোন আছে মন্ত্ৰীসভাত…

84

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত লব ড০ হিমন্ত বিশ্ব শৰ্মাই। দিনৰ ১২ বজাত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া শপত গ্ৰহণ অনুষ্ঠানত ড০ শৰ্মাক মুখ্যমন্ত্ৰীৰ শপত বাক্য পাঠ কৰোৱাব ৰাজ্যপাল জগদীশ মুখীয়ে। ইফালে আজি মুখ্যমন্ত্ৰীৰ উপৰিও তেওঁৰ মন্ত্ৰীসভাৰ ১৪গৰাকীকৈ মন্ত্ৰীয়ে শপত লব।

জানিব পৰা মতে, এইবাৰ মন্ত্ৰীৰূপে শপত লব অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। তদুপৰি ড০ শৰ্মাৰ মন্ত্ৰীসভাত থাকিব চন্দ্ৰোমহন পাটোৱাৰী, পীযুষ হাজৰিকা, অসম গণ পৰিষদৰ তৰফৰ পৰা অতুল বৰা আৰু কেশৱ মহন্তই আজি মন্ত্ৰীৰূপে শপত লব।

বিজেপিৰ মিত্ৰদল ইউপিপিএলৰ পৰা উৰ্খা গৌৰা ব্ৰহ্ম আৰু ইউ জি ব্ৰহ্মই শপত লব মন্ত্ৰিত্বৰ। মন্ত্ৰীসভাত থাকিব অশোক সিংঘালো। মহিলা প্ৰতিনিধি হিচাপে থাকিব অজন্তা নেওগ। আনহাতে বিমল বৰা, সঞ্জয় কিষাণ, বৰাকৰ প্ৰতিনিধিৰূপে পৰিমল শুক্লবৈদ্য আৰু উত্তৰ অসমৰ প্ৰতিনিধিৰূপে ৰনোজ পেগুৱে আজি মন্ত্ৰিত্বৰ শপত লব।