গুৱাহাটীঃ শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিব সত্ৰৰ ভূমি আয়োগে।
২০২১ চনত অসম চৰকাৰে ৰাজ্যৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যখনৰ সত্ৰৰ (বৈষ্ণৱ মঠ) ভূমি বেদখল সন্দৰ্ভত এক জৰীপ চলাবলৈ আয়োগ গঠন কৰছিল।
এই আয়োগৰ নেতৃত্বত আছে প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকা।
অসম সত্ৰ মহাসভা আৰু ৰাজ্যৰ অন্যান্য সংগঠনসমূহে সত্ৰসমূহৰ বহু সংখ্যক ভূমি বেদখলকাৰীয়ে দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে।