আজি মাজুলী উপ-নিৰ্বাচনৰ ভোটগ্ৰহন, তাৰ পূৰ্বেই দুই প্ৰাৰ্থীলৈ জাননী জাৰি নিৰ্বাচনী বিষয়াৰ

80

আজি অনুষ্ঠিত হৈছে মাজুলী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভোটগ্ৰহন। পুৱা ৭ বজাৰ পৰা ২০৩টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজি সমষ্টিটোৰ ১ লাখ ৩৩ হাজাৰ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩ গৰাকী প্ৰাৰ্থীৰ।

উল্লেখ্য যে, মাজুলীৰ উপ নিৰ্বাচনত এইবাৰ বিজেপিৰ হৈ ভুৱন গামে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে কংগ্ৰেছ-অজাপ-ৰাইজৰ দলৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াইছে চিত্তৰঞ্জন বসুমতাৰীয়ে। আনহাতে সমষ্টিটোত এছইউচিআই (কমিউনিষ্ট)ৰ হৈ ভাইটি ৰিচঙেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ইফালে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বেই দেওবাৰে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত চিত্তৰঞ্জন বসুমতাৰী আৰু ভাইটি ৰিচংক জাননী জাৰি কৰে জিলা নিৰ্বাচনী বিষয়াই।

উল্লেখ্য যে, আজি অনুষ্ঠিত হবলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰে দেওবাৰে সন্ধিয়া ৫ বজাত। কিন্তু নিৰ্বাচনী প্ৰচাৰ অভিযান অন্ত পৰাৰ পিছতো এই দুই প্ৰাৰ্থীয়ে চচিয়েল মিডিয়াযোগে প্ৰচাৰ চলাই থকাৰ অভিযোগ উত্থাপন হৈ।

এই অভিযোগৰ ভিত্তিতেই মাজুলী জিলা নিৰ্বাচনী বিষয়াই প্ৰাৰ্থী দুগৰাকীক জাননী জাৰি কৰি দেওবাৰে নিশা ৯ বজাৰ পৰা উত্তৰ বিচাৰে।