আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ

272

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাওঁ জিলাৰ পুৰণিগুদামৰ কলংপাৰ হালোৱাগাওঁ কৃষ্টি বিকাশ কেন্দ্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱটি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলংপাৰ হালোৱাগাওঁ প্ৰাথমিকৰ হৰি নামৰ অমিয়া ৰসেৰে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। মহাভাগৱত পাঠ, প্ৰাত:প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, ভাগৱত ভ্ৰমণ, দিহানাম আদি বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়া জন্ম মহোৎসৱটি পালন কৰা হয়।